আছ মহম্মদৰ সততাঃ ৰাজপথত পোৱা ২৫ লাখ টকা ভৰ্তি বেগ জমা দিলে আৰক্ষীক...

এজন ৰিক্সা চালকে পৰিচয় দিলে নিজৰ সততাৰ অন্য এক উদাহৰণ। আৰক্ষীক দিলে টকা ভৰ্তি বেগ। এই ঘটনা গাজিয়াবাদৰ।
আছ মহম্মদৰ সততাঃ ৰাজপথত পোৱা ২৫ লাখ টকা ভৰ্তি বেগ জমা দিলে আৰক্ষীক...

ডিজিটেল ডেস্ক: এজন ৰিক্সা চালকে পৰিচয় দিলে নিজৰ সততাৰ অন্য এক উদাহৰণ। আৰক্ষীক দিলে টকা ভৰ্তি বেগ। এই ঘটনা গাজিয়াবাদৰ।

ই-ৰিক্সা চালক আছ মহম্মদক তেওঁৰ সততাৰ বাবে সন্মানিত কৰে আৰক্ষীয়ে। তেওঁ ৰাজপথৰ কাষতে পাইছিল এটা টকা ভৰ্তি বেগ। যি নিজৰ লগত নাৰাখি তেওঁ আৰক্ষীক গতাই দিয়ে।

বেগটো পোৱাৰ লগে লগে তেওঁ আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে যেতিয়া বেগটো খুলি চাই দেখে যে বেগটোত আছে টকাৰ বাণ্ডিল। আৰক্ষীয়ে টকাখিনি গণণা কৰি গম পাই যে সেই টকাৰ পৰিমাণ ২৫ লাখ টকা।

এই ঘটনাৰ পাছতেই আছ মহম্মদক সকলোৱে প্ৰশংসা কৰে আৰু আৰক্ষী থানাত তেওঁক সন্মানিত কৰে।

আৰু পঢ়ক: সুৰাপান কৰি অত্যাচাৰ কৰা পুত্ৰক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পিতৃয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in