সুৰাপান কৰি অত্যাচাৰ কৰা পুত্ৰক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পিতৃয়ে

কাজিৰঙাত পিতৃৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল পুত্ৰৰ। পুত্ৰক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন অভিযুক্ত পিতৃৰ
অভিযুক্ত
অভিযুক্ত

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাত পিতৃৰ কুঠাৰৰ ঘাপত প্ৰাণ গ’ল পুত্ৰৰ। পুত্ৰক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন অভিযুক্ত পিতৃৰ ৷কাজিৰঙাৰ ১নং শিলডুবিত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

নিশাৰ ভাগতে ধীৰু গোৱালা নামৰ লোকজনে পুত্ৰ ঔম প্ৰকাশ গোৱালাক নিজ ঘৰতে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে যদিও পুৱা পলমকৈহে স্থানীয় লোকে ঘটনাৰ সম্ভেদ লাভ কৰে ৷ আনহাতে পিতৃ ধীৰু গোৱালাই পুৱা কহঁৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ৷ ঘৰুৱা কন্দলৰ বাবে এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

অভিযুক্ত পিতৃৰ মতে দীৰ্ঘ দিন ধৰি সৰু পুত্ৰ ঔম প্ৰকাশে মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল ৷ মঙলবাৰে নিশা ঔমপ্ৰকাশে কোৰ ,কুঠাৰলৈ পিতৃক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল ৷কিন্তু অভিযুক্ত পিতৃ ধীৰু গোৱালাই পুত্ৰৰ হাতৰ পৰা কুঠাৰখন কাঢ়িলৈ পুত্ৰক আঘাত কৰাৰ ফলত পুত্ৰৰ মৃত্যু হয় ৷ সম্প্ৰতি ধীৰু গোৱালাক কহঁৰা আৰক্ষীয়ে জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৷

আৰু পঢ়ক: ভূমিকম্পই হৃদয় গলাইছে কিম জং উনৰ ! ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱালে চিৰিয়া আৰু তুৰস্কত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in