/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/04c798b7-2422-44b7-9d0c-9d50f11a3457/ggfgf.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ দিন পুৱতি নিশা ৩.৩০ বজাৰ পৰাই আৰম্ভ হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই কথা জনাই তেওঁ। চন্দ্ৰচূড়ে জনাই যে সেই সময়ত পৰিৱেশ শান্ত হয়, সেইবাবে ভাল চিন্তা-চৰ্চা কৰিব পাৰি।
মুখ্য ন্যায়াধীশগৰাকীয়ে নিজকে কেনেকৈ স্বাস্থ্যৱান কৰি ৰাখে, সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে, ২৫ বছৰ ধৰি তেওঁ যোগাভ্যাস কৰি আহিছে। তেওঁ কয় যে, মোৰ দিন পুৱা ৩.৩০ বজাৰ পৰা আৰম্ভ হয়। সেই সময়ত পৰিৱেশ শান্ত হৈ থাকে। সেই সময়ত মই ভালদৰে চিন্তা-চৰ্চা কৰিব পাৰো। মই ২৫ বছৰ ধৰি যোগাভ্যাস কৰি আহিছো। মোৰ পত্নী মোৰ ভাল বান্ধৱী। আমি দুয়ো ভিগেন। আমি আয়ৰ্বেদিক ডাইট অনুসৰণ কৰি আহিছো। আমাৰ জীৱনশৈলী উদ্ভিদৰ ওপৰত আধাৰিত।
তেওঁ কয়, মই ভাবো আমি যি আহাৰ গ্ৰহণ কৰো তাৰ প্ৰভাৱ মগজুত পৰে। মই ভাবো ফিটনেছ আমাৰ ভিতৰৰ পৰাই আহে। আপুনি যিমান বিচাৰে সিমানেই ফিট থাকিব পাৰে।
তেওঁ কয়, মই ৰাম দানা খাওঁ। মই যোৱা ২৫ বছৰ ধৰি সোমবাৰে উপবাস কৰি আছো। ৰাম দানা মহাৰাষ্ট্ৰত খোৱা হয়। আমি মাৰাঠীত লায়া বুলি কওঁ। ই এক অতি পাতল খাদ্য কিন্তু ই স্বাস্থ্যকৰ। লগতে কয় যে, তেওঁ মাজে মাজে আইচক্ৰিমো খায়।
জীৱনৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, মোৰ জীৱনতো ভাল-বেয়া দিন আহিছিল। মইও জীৱনৰ প্ৰতিটো দিশ দেখিছো। সদায় আমি আশা ৰাখিব লাগে। কিবা সমস্যা হলে ইয়াক দূৰ কৰিব লাগে। আমাৰ সকলো সমস্যাৰ আঁৰতে কিবা কাৰণ থাকে,সেয়া বুজি পোৱাতো গুৰুত্বপূৰ্ণ।
Also Read: সাধাৰণ কথাতে মাতৃয়ে হত্যা কৰিলে নিজৰেই গৰ্ভৱতী কন্যাক…