সাধাৰণ কথাতে মাতৃয়ে হত্যা কৰিলে নিজৰেই গৰ্ভৱতী কন্যাক…

সাধাৰণ কথাতে মাতৃয়ে হত্যা কৰিলে নিজৰেই গৰ্ভৱতী কন্যাক…

author-image
asomiyapratidin
New Update
সাধাৰণ কথাতে মাতৃয়ে হত্যা কৰিলে নিজৰেই গৰ্ভৱতী কন্যাক…

ডিজিটেল ডেস্ক: কিমান নৃশংস হ'লে মাতৃয়ে হত্যা কৰিব পাৰে নিজৰেই কন্যাক। কিন্তু আধুনিকতাৰ এই সমাজত প্ৰতিদিনেই নৃশংস ঘটনা সংঘটিত হোৱা দেখা যায়। এগৰাকী মহিলাই হত্যা কৰিলে নিজৰেই কন্যাক।এই ঘটনা মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ বুলি জানিব পৰা গৈছে।মহিলা গৰাকীয়ে নিজৰেই গৰ্ভৱতী কন্যাক হত্যা কৰি আত্ম হত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে যদিও পিছত প্ৰকৃত সত্যৰ খোলাচা হয়।

Advertisment

আৰক্ষীয়ে জনোৱা অনুসৰি গৰ্ভৱতী মহিলা গৰাকী তামিলনাডুত বিয়া হৈছিল কিন্তু কেইবাদিনো ধৰি তেওঁ মাকৰ ঘৰতে আছিল। কিন্তু মাতৃয়ে সমাজত বদনাম হোৱাৰ ভয়ত গৰ্ভৱতী কন্যাক হত্যাৰ পৰিকল্পনা কৰে। পৰিকল্পনা অনুসৰি মাতৃয়ে সম্পৰ্কীয় লোকক টকা দি কন্যাক কুৱাত পেলাই দিবলৈ কয়। মাতৃৰ পৰিকল্পনা অনুসৰিয়েই দুয়ো মহিলা গৰাকীক হত্যা কৰে আৰু এয়া এক আত্মহত্যা বুলি কয়।

কিন্তু এই আত্মহত্যাৰ ঘটনাত আৰক্ষীৰ সন্দেহ হয় আৰু সেই আধাৰতে তদন্ত অব্যাহত ৰাখে।আৰক্ষীৰ তদন্তত ওলাই পৰে ভয়ংকৰ তথ্য। আৰক্ষীয়ে জনাই যে মৃত মহিলা গৰাকীৰ মাতৃয়ে চিন্নু এজমেৰা আৰু তেওঁৰ পত্নী শাদৰাক ৩০ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল হত্যাৰ বিনিময়ত। সেই অনুসৰিয়েই দুয়ো হত্যা কৰিছিল মহিলা গৰাকীক। উল্লেখ্য যে, আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তিনিজন অভিযুক্তকে আৰু তিনিও স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।

murder maharashtra crime