দিল্লীত ড্ৰাই ডে'...

দিল্লীত ড্ৰাই ডে'...

author-image
Asomiya Pratidin
New Update
দৰঙত ৩দিন ড্ৰাই ডে' ঘোষণা...

ডিজিটেল ডেস্কঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত। তাৰ সমান্তৰালকৈ প্ৰসাশন ব্যৱস্থাও কটকটিয়া কৰি তুলিছে। দিল্লীত নিৰ্বাচনৰ বাবে ড্ৰাই ডে' ঘোষণা কৰা হৈছে। সকলো ধৰণৰ দেশী আৰু বিদেশী সুৰা, নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী ও সৰবৰাহ নিষিদ্ধ ঘোষণা কৰা হৈছে ৰাজধানী দিল্লীত। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপেক্ষিতত ড্ৰাই ডে' ঘোষণা কৰা হৈছে।

Advertisment

উল্লেখযোগ্য যে মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৬ এপ্ৰিলত। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৭ মে', চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ মে', পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ ২০ মে', ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ২৬ মে' আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১ জুনত। ৪ জুনত ভোটগণনা অনুষ্ঠিত হ'ব।

Also Read: কাশ্মীৰ আৰু অসমৰ মাজত সাঁকো গঢ়িছে টী এণ্ড এপল কালেক্টিভে

dry day delhi loksabha election