জাহাজৰ পৰা জব্দ ২৫,০০০ কোটি টকা মূল্যৰ ড্ৰাগছ...

ক্ৰমাৎ দেশত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ । সোমবাৰে ভাৰত মহাসাগৰত জব্দ কৰা হৈছে কোটি কোটি টকাৰ মূল্যৰ ড্ৰাগছ । দেওবাৰৰ দিনটোত নাৰ্কোটিক কন্ট্ৰোল ব্যু'ৰ (এন চি বি) আৰু ভাৰতীয় নৌ সেনাৰ যুটীয়া অভিযানত এখন জাহাজত ২৫ হাজাৰ কোটিৰ মূল্যৰ ড্ৰাগছ জব্দ হয় ।
জাহাজৰ পৰা জব্দ ২৫,০০০ কোটি টকা মূল্যৰ ড্ৰাগছ...

ডিজিটেল ডেস্কঃ ক্ৰমাৎ দেশত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ । সোমবাৰে ভাৰত মহাসাগৰত জব্দ কৰা হৈছে কোটি কোটি টকাৰ মূল্যৰ ড্ৰাগছ । দেওবাৰৰ দিনটোত নাৰ্কোটিক কন্ট্ৰোল ব্যু'ৰ (এন চি বি) আৰু ভাৰতীয় নৌ সেনাৰ যুটীয়া অভিযানত এখন জাহাজত ২৫ হাজাৰ কোটিৰ মূল্যৰ ড্ৰাগছ জব্দ কৰা হয় ।

এনচিবিৰ তথ্য অনুসৰি জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২৫২৪ কিলোগ্ৰাম । জব্দকৃত ড্ৰাগছসমূহৰ মুঠ ১৩৪ বস্তা জাহাজৰ পৰা উদ্ধাৰ কৰা হৈছিল । আৰু উদ্ধাৰ হোৱা ড্ৰাগছৰ প্ৰতিটো পেকেটত ১ কেজিকৈ ড্ৰাগছ আছিল বুলি উল্লেখ কৰিছে এনচিবিৰ এজন বিষয়াই ।

ড্ৰাগছ সৰবৰাহৰ জড়িত থকা অভিযোগত এজন পাকিস্তানী নাগৰিক গ্ৰেপ্তাৰ হৈছে। অভিযুক্ত বিদেশী নাগৰিকগৰাকীক সোমবাৰৰ সন্ধিয়া আদালতত হাজিৰ কৰোৱা হ'ব ।

উল্লেখ্যে যে এন চি বিৰ উপ সঞ্চালক সঞ্জয় সিঙে জনোৱা অনুসৰি জব্দকৃত ড্ৰাগছৰ পাকিস্তানৰ পৰা অনা হৈছে । আৰু এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপলৈ সৰবৰাহৰ বাবে অনা হৈছিল ।

তেওঁ লগতে কয় যে এই ড্ৰাগছ বিৰোধী অভিযানটো যোৱা বছৰ ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল । আৰু এই অভিযানত এনচিবিয়ে প্ৰায় ৪,০০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছে ।

জাহাজৰ পৰা জব্দ ২৫,০০০ কোটি টকা মূল্যৰ ড্ৰাগছ...
বিষাক্ত সুৰাপান কৰি ১৩ জনৰ মৃত্যু, একাংশ চিকিৎসাধীন, নিলম্বিত ৪ আৰক্ষী বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in