চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ

চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ

ডিজিটেল ডেস্কঃ বেংগালুৰু আৰক্ষীয়ে সোমবাৰে বেংগালুৰুৰ সুব্ৰমণ্যপোৰা অঞ্চলত ঘৰতে মৃত অৱস্থাত উদ্ধাৰ হোৱা এগৰাকী চৰকাৰী বিষয়াৰ হত্যাকাণ্ডৰ গোচৰত এজন চালকক গ্ৰেপ্তাৰ কৰে। বেংগালুৰু আৰক্ষী আয়ুক্ত বি দয়ানন্দই কয় যে, হত্যাকাণ্ডৰ গোচৰৰ সৈতে জড়িত এজন সন্দেহযুক্ত লোকক জিম্মাত লোৱা হৈছে।আটকাধীন লোকজনক কিছুদিন পূৰ্বে হত্যাৰ বলি হোৱা বিষয়াগৰাকীয়ে কামৰ পৰা বৰ্খাস্ত কৰিছিল।

জানিব পৰা মতে, ৰাজ্যখনৰ খনি আৰু ভূতত্ত্ব বিভাগত কৰ্মৰত ভূতত্ত্ববিদ প্ৰথিমা কে এচে প্ৰায় ১০ দিন পূৰ্বে যোৱা ৫ বছৰ ধৰি বিভাগটোত কৰ্মৰত এজন চুক্তিবদ্ধ চৰকাৰী চালকক কামৰ পৰা বৰ্খাস্ত কৰিছিল। তাৰেই প্ৰতিশোধ ল'বলৈ উক্ত চালকজনে বিষয়াগৰাকীক হত্যা কৰিছে বুলি ইতিমধ্যেই অভিযুক্ত কিৰনে নামৰ চালকজনে আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি দিছে।

আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে, বিষয়াগৰাকী শনিবাৰে সন্ধিয়া ৬ বজালৈকে কাৰ্যালয়ত আছিল, তাৰ পিছত কিৰণৰ ঠাইত নিযুক্তি দিয়া চালকে তেওঁক ডোড্ডাকল্লাসন্দ্ৰস্থিত তেওঁৰ ঘৰত থৈ গৈছিল। উল্লেখ্য যে, উক্ত দিনটোত মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰ বেংগালুৰুৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত থকা কৰ্ণাটকৰ শিৱমোগ্গা জিলাত আছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, শনিবাৰে নিশা ৮ বজাৰ পৰা দেওবাৰে পুৱা ৮ বজাৰ ভিতৰত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ডিঙিৰ ফালি যোৱা অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহ দেওবাৰে পুৱা প্ৰায় ৮.৩০ বজাত তেওঁৰ ভাতৃয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত ধৃত চালকজনে মহিলাগৰাকীক হত্যা কৰাৰ কথা পোহৰলৈ আহে। হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰী কিৰণ বেংগালুৰুৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত থকা চামৰাজনগৰলৈ পলাই গৈছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ
নিৰ্বাচনৰ পূৰ্বে কেদাৰনাথ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in