/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/acf925cf-d362-4106-9e9e-f2d9c21c4b6a/AP_FOR_WEB_rahul.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে কেদাৰনাথ মন্দিৰ দৰ্শন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তাৰ পাছতে মন্দিৰ দৰ্শনৰ বাবে অপেক্ষা কৰি থকা যাত্ৰীসকলক চাহৰ যোগান ধৰে গান্ধীয়ে।
৩ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ড ভ্ৰমণৰ বাবে উপস্থিত হৈছে নেতাগৰাকী। তাৰে অংশ হিচাপে কালি কেদাৰনাথ মন্দিৰ দৰ্শন কৰে। ইয়াৰ মাজতে তেওঁ যাত্ৰীসকলৰ সেৱা কৰাও দেখা যায়।
ভক্তসকলে নেতাজনক দেখি আচৰিত হৈ পৰে আৰু তেওঁৰ লগত বাৰ্তালাপ কৰে। বিভিন্ন জনে কংগ্ৰেছ নেতাগৰাকীৰ সৈতে ছেলফি লোৱাও দেখা যায়। মন্দিৰত নেতাগৰাকীয়ে প্ৰাৰ্থনা জনোৱাৰ লগতে আৰতীতো অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, ৭ নৱেম্বৰত মিজোৰাম আৰু চট্টীশগড়ত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ পাছত সময়সূচী অনুসৰি আন ৩ খন ৰাজ্যৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ পূৰ্বে নেতাগৰাকীয়ে কেদাৰনাথ মন্দিৰ দৰ্শন কৰা দেখা যায়।