পাকিস্তানী এজেন্টক তথ্য যোগানঃ ডিআৰডিঅ'ৰ বিজ্ঞানীক ২৯ মে'লৈ ন্যায়িক জিম্মাত প্ৰেৰণ

মঙলবাৰে পুনেৰ এখন বিশেষ আদালতে ডিআৰডিঅ'ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰক ২৯ মে'লৈকে ন্যায়িক জিম্মাৰ বাবে প্ৰেৰণ কৰে।

author-image
Asomiya Pratidin
New Update
পাকিস্তানী এজেন্টক তথ্য যোগানঃ ডিআৰডিঅ'ৰ বিজ্ঞানীক ২৯ মে'লৈ ন্যায়িক জিম্মাত প্ৰেৰণ

ডিজিটেল ডেস্কঃ মঙলবাৰে পুনেৰ এখন বিশেষ আদালতে ডিআৰডিঅ'ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰক ২৯ মে'লৈকে ন্যায়িক জিম্মাৰ বাবে প্ৰেৰণ কৰে। পাকিস্তানী এজেণ্টক গোপনীয় তথ্য প্ৰদান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰদীপ কুৰুলকাৰ।

Advertisment

পুনেৰ ডিআৰডিঅ' পৰীক্ষাগাৰৰ সঞ্চালক হিচাপে কৰ্মৰত আছিল প্ৰদীপ কুৰুলকাৰ। পাকিস্তানী এজেন্টক গোপন তথ্য যোগান ধৰাৰ অভিযোগত ৩ মে'ত মহাৰাষ্ট্ৰ আৰক্ষীৰ এটিএছয়ে গ্ৰেপ্তাৰ কৰিছিল।

মঙলবাৰে হোৱা শুনানিৰ সময়ত কিছুমান ঔষধৰ বাবে আহ্বান জনাইছিল। উচ্চ ৰক্তচাপকে ধৰি তেওঁৰ কিছু স্বাস্থ্য জনিত সমস্যা আছে। আদালতে তেওঁক ঔষধ দিয়াৰ অনুমতি দিছিল। কিন্তু তেওঁৰ ঘৰৰ পৰা খাদ্য যোগান ধৰা অনুৰোধ অস্বীকাৰ কৰিছিল।

আদালতে কুৰুলকাৰক পৰৱৰ্তী ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি বিজ্ঞানীজনে হোৱাটছএপ আৰু ভিডিঅ' কলৰ জৰিয়তে "পাকিস্তান ইণ্টেলিজেঞ্চ অপাৰেটিভ"ৰ এজন এজেণ্টৰ সৈতে যোগাযোগত আছিল।

Also Read: বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কোবাইকটা উপ স্বাস্থ্য কেন্দ্ৰত ডেংগু দিৱস