বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কোবাইকটা উপ স্বাস্থ্য কেন্দ্ৰত ডেংগু দিৱস

বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কোবাইকটা উপ স্বাস্থ্য কেন্দ্ৰত ডেংগু দিৱস

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কোবাইকটা উপ স্বাস্থ্য কেন্দ্ৰত ডেংগু দিৱস

ডিজিটেল সংবাদ, বটদ্ৰৱা: ডেংগু ৰোগৰ সচেতনতা বৃদ্ধি কৰা আৰু এই ৰোগ সম্পর্কে সাধাৰণ মানুহৰ মাজত সতর্ক কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে ১৬ মে'ত পালন কৰা হয় জাতীয় ডেংগু দিৱস (National Dengue Day)। সমগ্ৰ দেশৰ লগতে বটদ্ৰৱাটো মঙলবাৰে জাতীয় ডেংগু দিৱস পালন কৰা হয়।

Advertisment

নগাঁও জিলাৰ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কোবাইকটা উপ স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কোবাইকটা গাঁৱত অনুষ্ঠিত হয় ডেংগু দিৱস। বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী প্ৰসন্ন শইকীয়াই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে চিকিৎসক ডাঃ গজেন ডেকা।

তেওঁ ডেংগু ৰোগৰ লক্ষণসমূহ অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংস পেশীৰ বিষ,চকুৰ পিছফালে বিষোৱা,চকু ৰঙা পৰা, জটিল অৱস্থাত নাক, মুখ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, শৰীৰত ৰঙা ৰঙা দাগ বা ঘামচি সদৃশ লক্ষণ আদিৰ বিষয়ে উপস্থিত ৰাইজক সজাগ কৰে।

স্বাস্থ্যকৰ্মী নিতু বৰ্মনৰ লগতে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী সকল উপস্থিতি থাকে এই অনুষ্ঠানত। প্ৰসন্ন শইকীয়াই ডেংগু ৰোগৰ পৰা ৰক্ষা পাবলৈ ল’বলগীয়া সাৱধানতাসমূহৰ বিশ্লেষণ কৰি কয় যে,"অলাগতিয়াল বাচন-বৰ্তন, টায়াৰ, নাৰিকলৰ খোলা, খালি টাব আদিত জমা হোৱা পানীত ডেংগু মহে কণী পাৰে। সেয়ে ঘৰৰ কোনো মুকলি পাত্ৰত পানী জমা হ’বলৈ দিব নালাগে।

ইয়াৰ উপৰিও বহু উপদেশ দি জ্বৰ হ’লেই তৎক্ষণাৎ ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ আগবঢ়ায়।

Also Read: তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী