মাতৃৰ আলপৈচান ধৰাৰ বাবে স্বামীৰ বিৰুদ্ধে পত্নীৰ গোচৰ : আদালতে দিলে এই ৰায়...

পুত্ৰ ধৰ্ম পালন কৰাৰ বাবেই যেন আদালতৰ কাষ চাপিব লগা হ'ল এগৰাকী স্বামী। নিজ মাতৃক সময় দিয়া, চোৱা-চিতা কৰা তথা বৃদ্ধামাতৃৰ আলপৈচান ধৰা কাৰ্য যেন সহ্য নহ'ল পত্নীৰ

author-image
Asomiya Pratidin
New Update
মাতৃৰ আলপৈচান ধৰাৰ বাবে স্বামীৰ বিৰুদ্ধে পত্নীৰ গোচৰ : আদালতে দিলে এই ৰায়...

ডিজিটেল ডেস্ক : পুত্ৰ ধৰ্ম পালন কৰাৰ বাবেই যেন আদালতৰ কাষ চাপিব লগা হ'ল এগৰাকী স্বামী। নিজ মাতৃক সময় দিয়া, চোৱা-চিতা কৰা তথা বৃদ্ধামাতৃৰ আলপৈচান ধৰা কাৰ্য যেন সহ্য নহ'ল পত্নীৰ। সেয়ে পত্নীয়ে গোচৰ দিলে থানাত আৰু পৰ্যায়ক্ৰমে সেই গোচৰ পালেগৈ পাৰিবাৰিক আদালতৰ মজিয়া।

Advertisment

ঘটনাৰ স্থান মায়ানগৰী মুম্বাই। মায়ানগৰীত সংঘটিত এই ঘটনাই চিন্তিত কৰি তুলিছে সচেতনমহলক। জানিব পৰামতে মহাৰাষ্ট্ৰ সচিবালয়ত কৰ্মৰত সম্ভ্ৰান্ত মহিলাগৰাকীয়ে পতিৰ বিৰুদ্ধে বিভিন্ন পাৰিবাৰিক অশান্তি আৰু আপত্তি দৰ্শাই মহিলা সুৰক্ষা আইনৰ অধীনত দণ্ডাধীশ আদালতত অভিযোগ দাখিল কৰে।

গোচৰত মহিলাগৰাকীয়ে উল্লেখ কৰে যে, ঘৰুৱা হিংসা তথা পতিয়ে বৃদ্ধামাতৃক চোৱা-চিতা কৰা, সময়ে সময়ে টকা-পইচাৰে সহায়ৰ কৰা,তেওঁৰ বাবে সময় নোহোৱা আদি কামবোৰ তেওঁ পচণ্ড নকৰে। শাহুমাকে হেনো বিভিন্ন সময়ত তেওঁক মানসিক নিৰ্যাতন চলোৱাৰ কথাও অভিযোগত উল্লেখ কৰে।

কিন্তু উক্ত গোচৰ সন্দৰ্ভত আদালতে এইনবোৰ তথ্য মিছা বুলি উল্লেখ কৰাৰ লগতে কয় যে, ইয়াৰ কোনো প্ৰামাণিক তথ্য নাই। পুত্ৰ হিচাপে মাতৃধৰ্ম পালন কৰা ঘৰুৱা হিংসা নহয়। গোচৰীয়া পক্ষই দিয়া অভিযোগবোৰ অস্পষ্ট আৰু ভিত্তিহীন।

Also Read: খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত থাকিব ৯০০ স্বেচ্চাসেৱক

mumbai court