খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত থাকিব ৯০০ স্বেচ্চাসেৱক

খেলুৱৈসকলক পুষ্টিবিদসকলে অনুমোদন জনোৱা খাদ্য দিয়া হ’ব; য'ত দেশৰ সকলো ৰাজ্যৰে খাদ্যৰ সংমিশ্ৰণ থাকিব
দেশৰ ক্ৰীড়াৰ হটস্পত অসমঃ ফেব্ৰুৱাৰীত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া...
দেশৰ ক্ৰীড়াৰ হটস্পত অসমঃ ফেব্ৰুৱাৰীত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া...

ডিজিটেল সংবাদ,গুৱাহাটী : অনাগত ১৫ দিন ক্ৰীড়া উৎসৱৰ উৎসাহ-আনন্দত ডুব যাব গুৱাহাটী মহানগৰী ৷ সমগ্ৰ দেশৰ দৃষ্টি থাকিব অসম তথা উত্তৰ-পূবত ৷ উল্লেখযোগ্য যে, অহা ১৯-২৯ ফেব্ৰুৱাৰীলৈ অসমসহ উত্তৰ-পূবৰ ৭খন ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ৷

উল্লেখ কৰা প্ৰয়োজনীয় যে, প্ৰতিযোগিতাৰ উদ্বোধনী যদিও ১৯ ফেব্ৰুৱাৰীত হ’ব কিন্তু খেল দুদিন আগৰ পৰাই আৰম্ভ হ’ব ৷ প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আয়োজন হোৱাক লৈ ইতিমধ্যে গুৱাহাটীত উথপ-থপ পৰিৱেশ আৰম্ভ হৈছে ৷

প্ৰতিযোগিতাত অংশ ল’বলৈ অহা খেলুৱৈসকলেও যাতে ক্ৰীড়াৰ ৰোমাঞ্চকৰ পৰিৱেশত প্ৰতিটো মুহূৰ্ত্ত পাৰ কৰিব পাৰে তাৰে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সুৰুঙা নৰখালৈ সম্পন্ন কৰি তুলিছে ৷ গুৱাহাটীত প্ৰৱেশ কৰাৰ লগে লগে খেলৰ জাক-জমক এক পৰিৱেশ লাভ কৰিব পাৰিব বহিঃৰাজ্যৰ খেলুৱৈসকলে ৷

বিমানবন্দৰ, ৰে'ল ষ্টেচন, বাছ-আস্থান সকলোতে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ বেনাৰ, শুভংকৰ, সংগীত আদিৰে এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰাৰ দিশত আগবাঢ়িছে আয়োজক ৰাজ্যখনে ৷ আনহাতে, বহিঃৰাজ্যৰ খেলুৱৈক আদৰণি আৰু সকলো সহযোগ কৰাৰ বাবে প্ৰতিটো স্থানতে স্বেচ্চাসেৱক নিয়োগ কৰিব বুলিও ৰাজ্য চৰকাৰৰ শীৰ্ষ ক্ৰীড়া বিষয়াই জানিবলৈ দিছে ৷

ক্ৰীড়া বিভাগে জানিবলৈ দিয়া অনুসৰি গুৱাহাটীৰ আটাইকেইটা আগমন পইণ্টতে ৪টা হেল্প ডেস্ক স্থাপন কৰিছে ৷ মহানগৰীৰ ৪টা আগমন পইণ্ট হ’ব- আই এছ বি টি গুৱাহাটী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটী ৰে’লৱে ষ্টেচন আৰু কামাখ্যা ৰে’লৱে ষ্টেচন ৷ এই চাৰিওটা পইণ্টতে স্বেচ্ছাসেৱকসকল নিয়োজিত হ’ব ৷

ইফালে, গুৱাহাটীৰ লগতে উত্তৰ-পূবৰ যি অন্য ৬খন ৰাজ্যত খেল হ’ব তাতো একেই ব্যৱস্থা কৰা হৈছে ৷ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামলৈ গুৱাহাটী হৈ খেলুৱৈসকল যাব ৷ ত্ৰিপুৰালৈ পোনে পোনে যোৱাৰ বিপৰীতে ছিকিমত হ’বলগা ইভেণ্টৰ বাবে নিউ জলফাইগুৰি, ছিলিগুৰি তথা বাগডোগ্ৰা বিমানবন্দৰত হেল্প ডেস্ক থকিব ৷

প্ৰতিযোগিতাৰ সুন্দৰ পৰিচালনাৰ বাবে প্ৰায় ৯০০ স্বেচ্ছাসেৱক নিয়োগ কৰা হ’ব ৷ ইয়াৰ ভিতৰত প্ৰায় ৪০ জন স্বেচ্ছাসেৱকক বিভিন্ন আগমন স্থানত নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

সকলো খেলুৱৈকে মহানগৰীৰৰ ষ্টাৰযুক্ত হোটেলত থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, খেলৰ সময়ত খেলুৱৈসকলক প্ৰতিটো ক্ৰীড়াস্থলীতে খাদ্য যোগান ধৰা হ’ব ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ পুষ্টিবিদসকলে অনুমোদন জনোৱা খাদ্য দিয়া হ’ব; য'ত দেশৰ সকলো ৰাজ্যৰে খাদ্যৰ সংমিশ্ৰণ থাকিব ৷

‘খেলুৱৈসকল য’তেই নাথাকক কিয়, মেনু একে হ’ব ৷ অঞ্চলভেদে খাদ্যৰ পচন্দ বেলেগ বেলেগ হ’ব পাৰে, গতিকে কোনো ধৰণৰ বিভ্ৰান্তিৰ পৰা হাত সাৰিবলৈ আমি ছাইৰ অনুমোদিত মেনু যোগান ধৰাৰ সিদ্ধান্ত লৈছো ৷’ বুলি ক্ৰীড়া বিষয়াগৰাকীয়ে কয় ৷

দেশৰ ক্ৰীড়াৰ হটস্পত অসমঃ ফেব্ৰুৱাৰীত খেল' ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া...
মঙলদৈত আলি-আ:য়ে লৃগাং উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in