ভোটদান কৰেনে আদানী, আম্বানীৰ দৰে পুঁজিপতিয়ে ?

ভোটদান কৰেনে আদানী, আম্বানীৰ দৰে পুঁজিপতিয়ে ?

ডিজিটেল ডেস্ক : ভোট দিয়েনে আম্বানী, আদানী অথবা শীৰ্ষৰ পুঁজিপতিসকলে ? কোনোবাই কাহানিও শুধিছেনে এই প্ৰশ্ন ? ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত প্ৰতিটো সৰু-বৰ নিৰ্বাচনেই লয় গুৰুত্বপূৰ্ণ ভূমিকা । দেশৰ তৃণমূল পৰ্যায়ৰ জনপ্ৰতিনিধিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি লৈকে সকলোৱে বিভিন্ন স্তৰৰ নিৰ্বাচন অতিক্ৰম কৰিহে পদবী লাভ কৰে । ইয়াৰে কোনোটো নিৰ্বাচনত যদি ৰাইজে প্ৰত্যক্ষভাৱে ভোটদান কৰে আন কোনোটোত আকৌ ৰাইজে নিৰ্বাচন কৰা প্ৰতিনিধিয়েহে ভোটদান কৰে । মুঠতে ৰাইজেই সৰ্বেসৰ্বা গণতান্ত্ৰিক দেশ এখনত ।

আনকি ৰাইজৰ মাজতেই শাৰী পাতি ভোটদান কৰে জনপ্ৰতিনিধিসকলেও । মেঘালয় নিৰ্বাচনত দেখা গ'ল মুখ্যমন্ত্ৰী কনৰাড চাংমাক শাৰী পাতি থকা, পূৰ্বেও অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ভোটদানৰ বাবে অসমলৈ অহা । একেদৰেই দেখা যায় আন নেতা সকলকো ।

কিন্তু তাৰেই মাজত ৰৈ যায় দেশৰ শীৰ্ষৰ পুঁজিপতিসকল । তেওঁলোকক আজিলৈ কোনোবাই প্ৰত্যক্ষ কৰিছেনে ভোটদানৰ বাবে অহা ? কিদৰে সম্পন্ন হয় এওঁলোকে প্ৰদান কৰা ভোটৰ প্ৰক্ৰিয়া ? কোনোদিনেই দীঘলীয়া শাৰীত ৰাইজে প্ৰত্যক্ষ নকৰিলে গৌতম আদানী অথবা মুকেশ আম্বানীক ভোটগ্ৰহণৰ শাৰীত ।

চৰকাৰ ভঙা-গঢ়াক লৈ একোজন পুঁজিপতিৰ কোনো বিশেষ আকৰ্ষণ নেথাকিব পাৰে । তেনেদৰেই কোনো চৰকাৰৰ পৰাই পক্ষপাতদুষ্ট সুবিধাও লাভ কৰিব নালাগে ব্যৱসায়ীসকলে । ক্ষুদ্ৰৰ পৰা আৰম্ভ কৰি কোটিপতিলৈকে সকলোৱে সমানেই সুবিধা লাভ কৰা উচিত চৰকাৰৰ পৰা । একেদৰেই চৰকাৰেও বেআইনী সুবিধা গ্ৰহণ কৰা উচিত নহয় ব্যৱসায়ীসকলৰ পৰা । তেনেস্থলত এইসকল লোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াক লৈ কি মত সেইয়া নিশ্চয় জনা উচিত সকলোৱে ।

বৰ্তমান দেশত আদানী, আম্বানীৰ গুৰুত্ব সকলোৱে অনুধাৱণ কৰিছে । কেৱল আদানী অথবা আম্বানীয়েই নহয় বৰং ৰতন টাটাকে আদি কৰি সকলো উদ্যোগপতিয়েই বৰ্তমান ব্যৱসায়ৰ বাবে লাভ কৰিছে আশানমুৰূপ সুবিধা । ঠিক সেইদৰেই সেৱাও আগবঢ়াইছে বহু জনে । এই সকলোৰে মাজত অৰাজনৈতিক হৈ থকাতো জানো শ্ৰেয় ?

ভোটদান কৰেনে আদানী, আম্বানীৰ দৰে পুঁজিপতিয়ে ?
ফাদিল হ'ব ক'ভিড সৃষ্টিৰ আৰৰ ৰহস্য, তদন্ত বিশ্ব স্বাস্থ্য সংস্থাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in