বিধানসভা ঘেৰাও কৰিবলৈ যোৱা চিকিৎসকক খেদি খেদি প্ৰহাৰ...

বিধানসভা ঘেৰাও কৰিবলৈ যোৱা চিকিৎসকক খেদি খেদি প্ৰহাৰ...
বিধানসভা ঘেৰাও কৰিবলৈ যোৱা চিকিৎসকক খেদি খেদি প্ৰহাৰ...

ডিজিটেল ডেস্কঃ ৰাজপথত খেদি খেদি আৰক্ষীয়ে প্ৰহাৰ কৰিলে চিকিৎসকক। স্বাস্থ্যৰ অধিকাৰ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা চিকিৎসকক আৰক্ষীয়ে এইদৰে প্ৰহাৰ কৰা কাৰ্যই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিধানসভা অধিৱেশনৰ মাজতে আজি বিধানসভা ঘেৰাও কৰাৰ কাৰ্যসূচী হাতত লৈছিল চিকিৎসকসকলে। এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যোৱা চিকিৎসকসকল এটা সময়ত নিয়ন্ত্ৰণহীন হৈ পৰে। ফলত আৰক্ষীয়ে লাঠি চাৰ্জ কৰে।

আৰক্ষীৰ লাঠি চাৰ্জত বহু কেইগৰাকী চিকিৎসক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তেওঁলোকৰ কাপোৰ ফালি যায়। বহু কেইগৰাকী মহিলা চিকিৎসকৰ কাপোৰ ফালি পুৰুষ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।

২০ মাৰ্চ, সোমবাৰে হোৱা এই প্ৰতিবাদত ২৪০০ ৰো অধিক ব্যক্তিগত চিকিৎসালয়ৰ পৰিচালক তথা চিকিৎসক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। এই চিকিৎসকসকলে প্ৰথমে জয়পুৰৰ এছ এম এছ চিকিৎসালয় চৌহদত নিৰ্মিত জয়পুৰ মেডিকেল এছ'চিয়েশ্যনৰ প্ৰেক্ষাগৃহত একত্ৰিত হয়।

ইয়াত তেওঁলোকে বিধেয়কখনৰ বিৰুদ্ধে নিজা যুক্তি আগবঢ়ায়। ইয়াৰ পৰৱৰ্তী সময়ত দুপৰীয়া প্ৰায় ১২ বজাত এছ এম এছ চিকিৎসালয় এৰি তেওঁলোকে বিধাসভা অভিমুখে ৰাওনা হয়।

দুপৰীয়া প্ৰায় ১ বজাত জয়পুৰৰ ষ্টেচু চক্ৰৰ ওচৰত আৰক্ষীয়ে প্ৰতিবাদী সমদল কৰি আগবঢ়া চিকিৎসকসকলক বাধা প্ৰদান কৰে আৰু ইয়াতে দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। চিকিৎসকসকলে তাৰ মাজতে ৰাজপথত বহি দিয়ে।

আৰক্ষীয়ে তেওঁলোকক ৰাজপথৰ পৰা আঁতৰাই নিবলৈ বহি থকাৰ পৰা চোচৰাই লৈ যোৱাত কেইবাজনৰো কাপোৰ ফালি যায়। যাৰ মাজত আছিল কেইবাগৰাকীও মহিলা চিকিৎসক।

উল্লেখ্য যে, ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰে স্বাস্থ্যৰ অধিকাৰ বিধেয়ক উত্থাপন কৰিছে। এই বিধেয়কখনৰ বিৰোধিতা কৰিছে এইসকল চিকিৎসকে। আনহাতে কেইদিনমানৰ পূৰ্বে এই বিধেয়কখনৰ সমৰ্থন কৰিছিল চিকিৎসকৰ এটা দলেৰে গঠিত যুটীয়া কাৰ্য সমিতি। কিন্তু এই যুটীয়া সমিতি খনেও এতিয়া এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে।

বিধানসভা ঘেৰাও কৰিবলৈ যোৱা চিকিৎসকক খেদি খেদি প্ৰহাৰ...
হত্যা কৰা হ'ব অমৃতপাল সিঙক ! শিখসকলক উচতাইছে এইগৰাকী সাংসদে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in