হত্যা কৰা হ'ব অমৃতপাল সিঙক ! শিখসকলক উচতাইছে এইগৰাকী সাংসদে...

হত্যা কৰা হ'ব অমৃতপাল সিঙক ! শিখসকলক উচতাইছে এইগৰাকী সাংসদে...
হত্যা কৰা হ'ব অমৃতপাল সিঙক ! শিখসকলক উচতাইছে এইগৰাকী সাংসদে...

ডিজিটেল ডেস্কঃ খালিস্তানৰ সমৰ্থক অমৃতপাল সিং কাণ্ডই সমগ্ৰ দেশ জোকাৰি থকাৰ মাজতে এগৰাকী সাংসদে অমৃত পাল সিঙৰ সমৰ্থনত টুইট কৰি বিপদত পৰা কাৰ্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, পঞ্জাৱত খালিস্তানৰ সমৰ্থনত কাম কৰি থকা ৱাৰিছ পাঞ্জাৱ ডেৰ মুৰব্বী অমৃত পাল সিঙক গ্ৰেপ্তাৰ কৰিবৰ বাবে পঞ্জাৱত আৰক্ষীয়ে যুদ্ধ সদৃশ পৰিৱেশৰ সূচনা কৰিছে।

যোৱাা শনিবাৰে অমৃত পাল সিঙক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰচাৰ চলিছিল যদিও এতিয়াও অমৃত পাল সিং পলাতক হৈ আছে বুলি বাতৰি প্ৰকাশ পাইছে। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ পঞ্জাৱত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে।

তাৰ মাজতে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৭৮ জন খালিস্তানীক। সোধা-পোছাৰ বাবে আটক কৰিছে আন বহুতকে। ৰাজ্যখনৰ পৰিস্থিতিৰ যাতে অৱনতি নহয় তাৰ বাবে আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ মাজতে এগৰাকী সাংসদে ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃত পাল সিঙৰ সমৰ্থনত টুইট কৰাত তেওঁৰ টুইটাৰ একাউণ্ট বন্ধ কৰা হৈছে।অমৃত পাল সিঙৰ সমৰ্থনত টুইট কৰা এই সাংসদগৰাকী হৈছে পঞ্জাৱৰ চাংৰু সমষ্টিৰ শিৰোমণি অকালি দলৰ মুৰব্বী চিমৰণজিৎ মান

তেওঁ টুইটাৰত কৈছিল অমৃত পাল সিঙক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ব। ইয়াৰোপৰিও তেওঁ কৈছিল অমৃত পাল সিঙক তেনেদৰে হত্যা কৰিলে শিখ সম্প্ৰদায়ৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব।

ইমানতে শান্তিত নাথাকি তেওঁ শিখ সম্প্ৰদায়ক উচতনি দি কৈছিল আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰিলে শিখসকলে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। তেওঁ দাবী কৰিছিল অমৃত পাল সিঙক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিব লাগিব।

যদি তেনে নকৰি এনকাউণ্টাৰ কৰি হত্যা কৰা হয়, সমগ্ৰ বিশ্বৰ শিখসকলৰ মাজত অস্থিৰতাৰ সৃষ্টি হ'ব। এইদৰেই অমৃত পাল সিঙৰ সমৰ্থনত আৰু শিখ সম্প্ৰদায়ক উচতনি জনোৱাৰ বাবে টুইটাৰে তেওঁৰ টুইট ডিলিট কৰাই নহয়, তেওঁৰ একাউণ্টেই বন্ধ কৰি দিছে।

হত্যা কৰা হ'ব অমৃতপাল সিঙক ! শিখসকলক উচতাইছে এইগৰাকী সাংসদে...
ভাৰতত জাপানৰ প্ৰধানমন্ত্ৰীঃ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in