নিজ পত্নী-সন্তানক হত্যা কৰি আত্মহত্যা চিকিৎসকৰ

নিজ পত্নী-সন্তানক হত্যা কৰি আত্মহত্যা চিকিৎসকৰ

author-image
Asomiya Pratidin
New Update
নিজ পত্নী-সন্তানক হত্যা কৰি আত্মহত্যা চিকিৎসকৰ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰায়ে বাৰেলী ৰেলৱে কলনীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰে’লৱেৰ চিকিৎসা বিষয়া হিচাপে কৰ্মৰত চকু বিশেষজ্ঞ ডাঃ অৰুণ কুমাৰ নামৰ লোকজনে নিজ পত্নী আৰু ২ সন্তানক হত্যা কৰি নিজেই আত্মহত্যা কৰাৰ এক শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, চিকিৎসক ডাঃ অৰুণ কুমাৰে হতাশাত ভুগি আছিল।

Advertisment

ৰায়ে বৰেলীৰ আৰক্ষী অধীক্ষক আলোক প্ৰিয়াদৰ্শীয়ে জনোৱা মতে, মিৰ্জাপুৰৰ বাসিন্দা ডাঃ অৰুণ কুমাৰে পত্নী আৰু ২টা সন্তানৰ সৈতে ৰায়ে বাৰেলীৰ ৰে’লৱে কোৱাৰ্টাৰত বাস কৰিছিল। সহকৰ্মীয়ে অৰুণ কুমাৰ আৰু তেওঁৰ পত্নীক দেওবাৰে শেষবাৰৰ বাবে দেখিছিল। পিছৰ ২দিন যেতিয়া তেওঁলোকৰ লগত কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাছিল তেতিয়া সহকৰ্মীসকল অৰুণ কুমাৰৰ ৰেলৱে কলনীস্থিত বাসগৃহত উপস্থিত হয়।

ঘৰত লাগি থকা কলিং বেলত কোনো সঁহাৰি নোপোৱাত তেওঁলোকে দুৱাৰখন ভাঙি খুলি দিলে। তাৰ পাছতেই সহকৰ্মীসকলে ঘৰৰ ভিতৰত অৰুণ কুমাৰ, তেওঁৰ পত্নী অৰ্চনা, কন্যা আদিভা (১২) আৰু পুত্ৰ আৰৱ (৪)ৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে অৰুণৰ সহকৰ্মীসকলে আৰক্ষীক খবৰ দিয়াত জিলাখনৰ শীৰ্ষ বিষয়াসকল সেই স্থানত উপস্থিত হয়।

আৰক্ষী বিষয়া গৰাকীয়ে লগতে জনাই যে, প্ৰাথমিক তদন্তত অপৰাধস্থলীৰ পৰা এটা হাতুৰী, তেজৰ দাগ আৰু ড্ৰাগছৰ বেজী উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ মতে, চিকিৎসকজনে পত্নী আৰু সন্তানক অচেতন কৰিবলৈ প্ৰথমে ড্ৰাগছ প্ৰদান কৰে। তাৰ পিছত মূৰত আঘাত কৰি হত্যা কৰে।

অৰুণ কুমাৰে প্ৰথমে নিজৰ হাতৰ শিৰা কাটি আত্মহত্যা কৰিবলৈ চেষ্টা কৰে যদিও অসফল হৈ পাছত ফাঁচী লগাই আত্মহত্যা কৰে। ইয়াৰ লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, মৰোণোত্তৰ পৰীক্ষাৰ পাছতহে আৰু অধিক তথ্য পোহৰলৈ আহিব। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Also Read: ৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...

murder case