৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...

তেওঁৰ বৰ্ণনাবোৰ বৰ সাবলীল। কম শব্দতে বহু কথা লিখিছিল। আনকি বিদেশত গৈ মাংস খাওতে ডিঙিত লাগি ধৰি কোন দিনা দেশৰ বায়ু সেনাৰ মুৰব্বী সুব্ৰত মুখাৰ্জীৰ মৃত্যু হৈছিল সেই পৰ্যন্ত তেওঁ ডায়েৰীত লিখিছিল।
৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...

''৬-০৩-৫৬(২২ ফাগুন)- আজি আমাৰ বৰদেউতাৰ ঘৰৰ মাজু ককাইদেউৰ মূৰত তেল দিয়া হয়। এই দিনা আগনিশা বতৰ ভালে আছিল। কিন্তু পাছ নিশালৈ বৰষুণ হ'ল। বৰষুণ দিয়াত কামৰ বৰ বেমেজাল হ'ল। তাৰ উপৰিও খোৱা-মেলাৰ বৰ অসুবিধা হৈ পৰিল আৰু খৰালিমহীয়া বৰষুণ দিয়ে বুলিনো কোনে জানে বাৰু''। এনেকৈয়ে আৰম্ভ কৰিছিল তেওঁ লিখিবলৈ।

সেই যে লিখা আৰম্ভ কৰিলে তাৰপাছত তেওঁ কলম সামৰি নথ'লে। এখন ডায়েৰী তেওঁক শিৱসাগৰৰ ডাঙৰ ভিনিহিয়েকে দিছিল। মাজু ককায়েকৰ বিয়াত আহোতে ভিনিদেউয়েকে সেইখন দি কৈছিল ইয়াত দৈনিক তাৰিখ মতে তুমি কি কৰা, কি নকৰা লাগতিয়াল কথাবোৰ নোট কৰি যাবা।

তাৰপাছত তেওঁ দৈনিক লিখি গৈছিল ডায়েৰী। বিশ্ব বিখ্যাত এন ফ্ৰাংকৰ ডায়েৰীতকৈ কম নহয় এই মানুহজনে লিখা ডায়েৰীবোৰ। কোনো এটা দিন যতি নপৰাকৈ ১৯৫৬ চনৰ পৰা ২০২০ চনলৈ একেলেথাৰীয়ে ৬৫ বছৰ তেওঁ ডায়েৰী লিখিছিল।

কেৱল ডায়েৰী লিখায়েই নহয়, সেইবোৰ অতি সুন্দৰভাৱে তেওঁ সংৰক্ষণ কৰি গৈছিল। ২০২০ চনৰ আগষ্ট মাহত তেওঁ অসুস্থ হৈ পৰিছিল। ডায়েৰীত লিখা তেওঁ শব্দৰ সংখ্যা ১ কোটি ২০ লাখৰ কম নহ'ব।

প্ৰথমতে তেওঁ এই ডায়েৰীবোৰ প্ৰকাশ কৰিবলৈ দিব খোজা নাছিল। কিন্তু ২০২০ ৰ ১৪ ছেপ্টেম্বৰত পুত্ৰ মলয়জ্যোতি গগৈক ক'লে এই ডায়েৰীবোৰ তঁহতক দিলো। যদি সম্ভৱ হয় প্ৰকাশৰ ব্যৱস্থা কৰিবি।

তাৰ পাছত সেইবছৰৰ ১১ অক্টোবৰত তেওঁৰ মৃত্যু হ'ল। দেউতাকৰ মৃত্যুৰ পাছত পুত্ৰ মলয় জ্যোতি গগৈয়ে দেউতাকৰ ডায়েৰীবোৰ পঢ়ি অভিভূত হৈ পৰিল। কেৱল তেওঁ ব্যক্তিগত কথায়েই ডায়েৰীবোৰত লিখা নাছিল।

১৯৫৬ চনৰ পৰা ২০২০ চনলৈকে ৬৫ বছৰ কালত লেখা এই ডায়েৰীবোৰত আছে সেই সময়ৰ সমাজ, ৰাজনৈতিক, শৈক্ষিক জীৱনৰ বহু ঘটনা প্ৰবাহ। পুৰনি সেই দিনবোৰ অধ্যয়নৰ বাবে প্ৰণালীবদ্ধভাৱে লিখা এয়া এক বিপুল সম্ভাৰ।

পিতৃৰ আদেশ ক্ৰমে বহু বিচাৰ বিবেচনাৰে দেউতাকে স্কুলীয়া জীৱনত লেখা সময়চোৱাৰ ডায়েৰীসমূহ কোনো সাল-সলনি নকৰাকৈ প্ৰকাশ কৰা হ'ল। নাম দিলে 'পদ্মকণ্ঠ'।

এনেদৰে ৬৫ বছৰ ডায়েৰী লিখা মানুহজনৰ নাম পদ্মধৰ গগৈ। পদ্মধৰ গগৈৰ জন্ম হৈছিল ১৯৩৭ চনৰ ১৩ অক্টোবৰত। তেওঁৰ পিতৃৰ নাম আছিল ঠানুৰাম গগৈ। পিতৃ আছিল আঠখেল চাহ বাগিছাৰ মহৰী।

পদ্মধৰ গগৈয়ে নামতি চাৰিআলি এম.ই. মাদ্ৰাছাৰ পৰা এম.ই পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৬৩ চনত তিনিচুকীয়া চেনাইৰাম হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। শিৱসাগৰ কলেজ আৰু গড়গাঁও কলেজত প্ৰি ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছিল যদিও ঘৰুৱা অসুবিধাৰ বাবে শিক্ষা সাং কৰি নামদাং প্ৰাথমিক স্কুল স্থাপন কৰে।

১৯৮০ চনত সেই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা পদ্মধৰ গগৈ আছিল এজন জ্ঞান অন্বেষণী ব্যক্তি। তেওঁৰ ডায়েৰীৰ প্ৰথম খণ্ড ১৯৫৬ চনৰ পৰা ১৯৬০ চনলৈ ৫ টা বছৰ সামৰি লৈছে।

অতি গোট গোট আখৰেৰে পদ্মধৰ গগৈয়ে লিখা প্ৰতিদিনৰ ডায়েৰীত সেই সময়ৰ গ্ৰাম্য জীৱনবোধৰ আভাস পোৱা যায়। বিদ্যালয়ত অধ্যয়ন কৰিও খেতি-পথাৰত তেওঁ মনোনিবেশ কৰিছিল।

সেই সময়ৰ অসমীয়া গ্ৰাম্য জীৱন ধৰণৰ এখন বাস্তৱ ছবি তেওঁৰ ডায়েৰীৰ পৰাই আভাস পাব পাৰি। স্কুলত পঢ়ি থকাৰ সময়ত ঘৰৰ খেতি-পথাৰত তেওঁ সহায় কৰিছিল। ১৯৫৬ চনৰ ১৭ আগষ্টৰ ডায়েৰীত তেওঁ লিখিছিল- জিৰাই সতাই টেপুৰামৰ দোকানৰ পৰা কেৰাচিন তেল দুপোৱা আনিলো,এটকা ল'লে। দেউতা বাম গাঁৱলৈ গৈছিল। ধান বেচাৰ কাৰণে।

সেই সময়ত কলৰ আশী আছিল ১ অনা। ডায়েৰীতে তেওঁ লিখি গৈছে আপাদেউকে দাঁতৰ বিষত একো খাব নোৱাৰাৰ বাবে দু অনা দি দু আশী কল অনাৰ কথা। অসমীয়া পৰিয়ালবোৰৰ হাতত নগদ ধন নাছিল। অৱশ্যে ঘৰত ধান, পান-তামোল উভৈনদী আছিল।

ধান বেচি বিদ্যালয়ত ফিচ দিয়াৰ কথা ডায়েৰীত উল্লেখ কৰিছে। যিয়েই এই ডায়েৰীখন পঢ়ে পুৰনি অসমীয়া সমাজ জীৱনক উপলব্ধি কৰিব পাৰিব।

অসমীয়া বোলছবি চাবলৈ যোৱাৰ কথা তেওঁ ডায়েৰীত উল্লেখ কৰিছে ১৭ ডিচেম্বৰ ১৯৫৬ ত। তেওঁ লিখিছে শিৱসাগৰত এৰাবাটৰ সুৰ নামৰ অসমীয়া টকি চাবলৈ যোৱা বুলি। সেই টকি চাই খোজকাঢ়ি কেনেকৈ ঘৰলৈ আহিছিল সেয়াও উল্লেখ কৰিছিল।

তেওঁৰ কিতাপৰ প্ৰতি বৰ ৰাপ আছিল। অসম বাণীকে ধৰি আন এখন কাকত তেওঁ পঢ়িছিল। অৱশ্যে কাকতবোৰ কেইবাদিনৰ পাছতহে গৈ সেই ঠাই পাইছিলগৈ। ঘৰৰ বাবে বজাৰ কৰাৰ হিচাপো তেওঁ লিখি থৈছিল ডায়েৰীত।

অৱশ্যে ২ জানুৱাৰী ১৯৫৭ চনত তাৰিয়াৰ দোকানৰ পৰা বাকী লৈ আনিছিল এটকা দি কেৰাচিন তেল এক সেৰ। ৮ অনা দি চেনী দুপোৱা, ৬ অনা দি চাধা, ১০ অনা দি ডাইল এক সেৰ।

ঘৰ আৰু পৰিয়ালৰ বিষয়ে ডায়েৰীত লিখাৰ উপৰিও সেই সময়ৰ ধৰ্মীয় অনুষ্ঠান, মানুহৰ মাজৰ আন্তৰিকতা, দায়িত্ববোধৰ আভাস তেওঁ দি গৈছে। এয়া কেৱল এজন ব্যক্তি বিশেষৰ দৈনন্দিন জীৱনৰ কিছু কৰ্মৰ আভাসেই নহয়, তথ্যৰো ভঁৰাল।

তেওঁ পঢ়া হাইস্কুল খনৰ প্ৰধান শিক্ষকগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ১১ মাৰ্চ ১৯৫৭ত নিৰ্বাচনৰ দিন আছিল। পদ্মধৰ গগৈয়ে সেই দিনটোত লিখিছিল- আজি আমাৰ ইয়াৰ ইলেকচনৰ দিন। ভিনদেউহতে নাজিৰাৰ পৰেশৰ টেক্সিখন লৈ আহিছিল। ভিনিদেউহত অহাৰ পাছতহে দেউতা ভোট দিবলৈ যায়।

তাৰপাছত ১৯৫৭ চনৰ ১৯ মাৰ্চত তেওঁ উল্লেখ কৰিছে তেওঁলোকৰ হেডমাষ্টাৰ নিৰ্বাচনত জয়ী হৈ এমএলএ হোৱাৰ কথা। বিদ্যালয়ত হেনো সেইদিনা পাৰ্টী দিছিল হেড মাষ্টাৰে।

নিবনুৱা সমস্যা তেতিয়াও আছিল। যাতায়তৰ ব্যৱস্থা বৰ সুচল নাছিল। পদ্মধৰ গগৈয়ে সেই আভাস ডায়েৰীৰ পাতত দিছে এইদৰে- ১০-০৫-৫৯ঃ ... নৰৰ ওচৰলৈ গলো। কিন্তু নাপালো লগ। নৰ বোলে ডুমডুমালৈ গ'ল। সি মেট্ৰিক পাছ কৰি দুবছৰ চাকৰি বিচাৰি হাবাথুৰি খাই পৰিছে। কিন্তু চাকৰি নাপাই ঘৰতে থাকিবলগীয়া হৈছে। গতিকে ইয়াৰ পৰাই বুজা যায় যে বৰ্তমানৰ অৱস্থাত উচ্চ শিক্ষা উপাৰ্জন কৰিব নোৱাৰিলে সকলো মিছা। অন্যহাতে লাগে খাতিৰ। এই যান্ত্ৰিক যুগত মানুহ অকল পঢ়া-শুনা হ'লেই নহ'ব। তাৰ লগে লগে বাহিৰা শিক্ষা যেনে- গান, বাজনা, খেল-ধেমালী, কাৰিকৰী শিক্ষা, খেতি-বাতিৰ কাম ইত্যাদি বোৰতো পাকৈত হ'ব লাগিব।

বিদ্যালয়লৈ শিক্ষামন্ত্ৰী আহিছিল। সেই শিক্ষামন্ত্ৰী ভ্ৰমণৰ কথা তেওঁৰ ডায়েৰীত আছে এনেকৈ- আজি আমাৰ শেষ পিৰিয়ডত শিক্ষা বিভাগৰ মন্ত্ৰী মতিৰাম বড়া পাইহি, লগত আৰু ৩ জন আৰু এখনত পুলিচ বিভাগৰ ওখ খাপৰ কৰ্মচাৰী ৪ জন। বেটেলিয়ানৰ সৈতে আহে। আমাৰ ক্লাছ চাই শেষ কৰি হোষ্টেলবোৰ চায়।

সেই সময়ত নামতিত শোধানগৰৰ বাবে মিটিং হৈছিল। সেই মিটিঙৰ পৰা নামতিৰ তেল শোধানগৰ কমিটিয়ে ৫ জন সত্যাগ্ৰহী আৰু এগৰাকী গাভৰু সত্যাগ্ৰহীক আন্দোলনৰ বাবে প্ৰথমবাৰৰ বাবে ডিগবৈলৈ পঠিয়াইছিল। শোধানগৰ স্থাপনৰ বাবে কি ধৰণে সত্যাগ্ৰহ হৈছিল তাৰ আভাস তেওঁৰ ডায়েৰীৰ পাতত আছে।

আকাশত ওলোৱা নেজাল তৰাৰ খবৰৰ পৰা আৰম্ভ কৰি অসম বিধানসভাত কি হ'ল কি নহ'ল সেই সকলোবোৰ কথা সেই সময়ত হাইস্কুলত পঢ়া এজন ছাত্ৰই তেওঁৰ ডায়েৰীত প্ৰণালীবদ্ধভাৱে লিপিবদ্ধ কৰি গৈছিল। লগতে আছে বহু আমোদজনক তথ্য।

৩০-১০-৫৭ ত তেওঁ ডায়েৰীৰ পাতত উল্লেখ কৰিছে হিন্দী পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ কথা। তেওঁলোকৰ ক্লাছৰ যিসকলে প্ৰথমা প্ৰৱেশিকা দিছিল সকলোৱে পাছ কৰিছে। ভূপেন হাজৰিকাি এইবাৰ হিন্দী মেট্ৰিক পাছ কৰিছে বুলি লিখি থৈছে তেওঁ।

সেই সময়ৰ পাৰিপাৰ্শ্বিক পৰিৱেশ আজিৰ দৰে প্ৰদূষিত নাছিল। দৈনন্দিত তেওঁ বতৰৰ আভাস দিছিল ডায়েৰীত। কেনেদৰে বৰষুণ হৈছিল আৰু তাৰ প্ৰভাৱ কেনেদৰে দৈনন্দিক জীৱনক প্ৰভাৱিত কৰিছিল তাৰো বৰ্ণনা আছে পদ্মধৰ গগৈৰ ডায়েৰীত।

তেওঁৰ বৰ্ণনাবোৰ বৰ সাবলীল। কম শব্দতে বহু কথা লিখিছিল। আনকি বিদেশত গৈ মাংস খাওতে ডিঙিত লাগি ধৰি কোন দিনা দেশৰ বায়ু সেনাৰ মুৰব্বী সুব্ৰত মুখাৰ্জীৰ মৃত্যু হৈছিল সেই পৰ্যন্ত তেওঁ ডায়েৰীত লিখিছিল।

যিসকলে এই গ্ৰন্থখনৰ জৰিয়তে পদ্মধৰ গগৈৰ ডায়েৰীসমূহ পঢ়ে তেওঁলোকে এক নতুন স্বাদ লাভ কৰিব। বহুবোৰ বিষয়ত তেওঁ ইংগিত ধৰ্মীতাৰে সমাজৰ প্ৰতি আহিব পৰা সাম্ভাব্য বিপদৰো ইংগিত দি গৈছে।

দ্যা আসাম এগ্ৰিকালছাৰ কলেজত এডমিছন ল'বলৈ সেই সময়ত কি হৈছিল। প্ৰথমে ইন্টাৰভিউ, তাৰপাছত ফিজিকেল ফিটনেছৰ পৰীক্ষা আৰু শেষত মেট্ৰিকত প্ৰথম আৰু দ্বিতীয় বিভাগ পোৱা ল'ৰাসকলকহে নামভৰ্তিৰ সুযোগ দিছিল।

পদ্মধৰ গগৈয়ে ডায়েৰীত উল্লেখ কৰি যোৱা মতে তেওঁক এগ্ৰিকালছাৰ পঢ়া অজিত চলিহাই কোৱা মতে সেই কলেজৰ প্ৰিন্সিপালে হেনো দৰমহা ১৬০০ টকা পায়। এইবোৰ কথা চলিহাৰ সৈতে পাতি তেওঁ ৩১-০৭-৫৮ ত লিখিছে-বৰ্তমান আমাৰ দেশত বহুত উন্নতিৰ পথ ওলাইছে। যদি পঢ়িব নোৱাৰে তেনে সকলো মিছা। জীৱন ধাৰাই কোনো সুফল নহয়।

সেই সময়ৰ ধেমালীবোৰ, বিভিন্ন উদযাপন, খেলিবলৈ যোৱা আদি সুন্দৰ বৰ্ণনা আছে ডায়েৰীবোৰত। ১১-০৫-৫৯ ত তেওঁ ডায়েৰীত লিখি থৈছে- এই বছৰত আমাৰ ভাৰতত এখন নতুন এৰপ্লেন তৈয়াৰ কৰি উলিয়ালে। ইয়াৰ আগত ভাৰতত সেই কাম হোৱা নাছিল। আজি পাইছো যোৱা ৮ তাৰিখৰ শুকুৰবাৰৰ কাগজখনত যে গুৱাহাটীত যি তেল শোধানগৰ স্থাপিত হ'ব ধৰিছে, তাত বহু কৰ্মচাৰীৰ আৱশ্যক হৈছে।

ভুলুকা বাঁহৰ তঙাল তোলাৰ প্ৰথম অভিজ্ঞতাৰ পৰা ডিচকোভাৰী অফ আসাম নামৰ কিতাপখন পঢ়ি পোৱা জ্ঞান আদিৰ কথাও তেওঁ এই ডায়েৰীত লিখি থৈ গৈছে। স্কুলীয়া জীৱনৰ এই ৫ বছৰৰ ডায়েৰীৰ উপৰিও অভিজ্ঞ হোৱাৰ লগে লগে সেই ডায়েৰীসমূহ অধিক সমৃদ্ধশীল হৈ পৰিছিল।

নাহৰকটীয়াৰ পৰা বাৰাওনীলৈ নি যি খাৰুৱা তেলৰ ৰিফেইনাৰী স্থাপন কৰা হৈছিল সেই ৰিফেইনাৰীত ওচৰৰে তাৰা মহন্তৰ পুতেকে চীফ ইঞ্জিনিয়াৰ খবৰ তেওঁ বৰ গৌৰৱেৰে ডায়েৰীত লিপিবদ্ধ কৰিছিল।

এজন স্কুলীয়া ছাত্ৰই খবৰ ৰাখিছিল শ্বিলঙত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ কথা। ৭-১০-৬০ ত তেওঁৰ ডায়েৰীৰ পাতত আছে- কাইলৈৰ পৰা শ্বিলঙত অসম বিধানসভাৰ শাৰদীয় অধিৱেশন আৰম্ভ হৈছে। এই অধিৱেশনতেই অসমৰ ৰাজ্যভাষা সম্পৰ্কে আলোচনা হ'ব। আমাৰ চেতীয়া হেডচাৰ মহোদয়ো বিধানসভাত যোগদান দিবলৈ গ'ল।

ঘৰৰ পানবাৰীৰ পানবোৰ ২১০ টকাত বিক্ৰী কৰা, মাজ ৰাতি গোহালিৰ পৰা বাঘে গৰু নিয়া, মাটিৰ খাজানা দিয়া, বছৰটোত পান-তামোল খেৰৰ পৰা কিমান টকা উপাৰ্জন হ'ল সেই হিচাপ তেওঁ ৰাখি গৈছিল।

তেওঁৰ পৰৱৰ্তী বছৰৰ ডায়েৰীবোৰে এনেদৰে খণ্ড খণ্ডকৈ প্ৰকাশ কৰিলে পাৰ হৈ যোৱা সেই পুৰনি দিনবোৰৰ অসমীয়া সমাজ জীৱনৰ বহু কথাই উন্মোচিত হ'ব। পুত্ৰ মলয়জ্যোতি গগৈয়ে সেই ডায়েৰীবোৰ সংৰক্ষণ কৰি ৰাখিছে। পৰ্যায়ক্ৰমে সেইবোৰ প্ৰকাশ পালে এয়া অসমীয়া সাহিত্যৰ বাবেও হ'ব এক নতুন সংযোগ।

৬৫ বছৰ ধৰি প্ৰতিদিনেই ডায়েৰী লিখা মানুহজন...
মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in