শিক্ষক উৎপল কুমাৰ ভূঞাৰ মৃত্যু

নগাঁৱৰ পুৰনিগুদামৰ শিক্ষক উৎপল কুমাৰ ভূঞাৰ মৃত্যু৷ শনিবাৰৰ নিশা গুৱাহাটীৰ হেল্থ চিটিত মৃত্যু হয় ভূঞাৰ ৷

author-image
Asomiya Pratidin
New Update
 শিক্ষক উৎপল কুমাৰ ভূঞাৰ মৃত্যু

ডিজিটেল সংবাদ , নগাঁও :নগাঁৱৰ পুৰনিগুদামৰ শিক্ষক উৎপল কুমাৰ ভূঞাৰ মৃত্যু৷ শনিবাৰৰ নিশা গুৱাহাটীৰ হেল্থ চিটিত মৃত্যু হয় ভূঞাৰ ৷ দিনদিয়েক পূৰ্বে ঘৰত টেলিভিচনত অনুষ্ঠান প্ৰত্যক্ষ কৰি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল উৎপল কুমাৰ ভূঞা।

Advertisment

তাৰ পাছতেই পৰিয়ালৰ লোকে তেওঁক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত চিকিৎসকে জৰুৰী ভাবে উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ নিশাই স্বাস্থ্য পৰীক্ষা কৰাত ভূঞাৰ স্বাস্থ্য সংকটত জনক অৱস্থাত থকাত ভেন্টিলেশ্যনত ভৰ্তি কৰে ৷

চিকিৎসাধীন অৱস্থাতে ভূঞাই মৃত্যুক সাৱতি লয় ৷ মূঢ়ানী হাইস্কুলৰ প্ৰধান শিক্ষক উৎপল কুমাৰ ভূঞাৰ মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে পুৰণিগুদাম অঞ্চলত ৷ ৫৮ বছৰ বয়সত মৃত্যুক সাৱতি লোৱা ভূঞাই মৃত্যুৰ সময়ত পত্নী , দুই সন্তানৰ লগতে আত্মীয়ক এৰি থৈ গৈছে ৷ প্ৰয়াত উৎপল কুমাৰ ভূঞা পুৰনিগুদাম অঞ্চলত কৃৰ্তি শিক্ষক হিচাপে জনপ্ৰিয় আছিল ৷

আৰু পঢ়ক: পলাশৰে ৰং কোনেনো সানিলে...