/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7396150a-0262-4802-83ad-0cc0bc33c6c4/AP_FOR_WEB_doctor.jpg)
ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত চিকিৎসকৰ ওপৰত উত্তেজিতলোকে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ মাজতে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে পঞ্জীভুক্ত মেডিকেল প্ৰেক্টিছনাৰে এক বিশেষ সিদ্ধান্তৰ বিষয়ে জনায়।
তেওঁলোকে কয় যে, অপমানজনক, উচ্ছৃংখল আৰু হিংসাত্মক ৰোগী বা আত্মীয়ৰ চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিব পাৰে। চিকিৎসকসকলৰ বিৰুদ্ধে চলি থকা হিংসাত্মক ঘটনা বন্ধ কৰাৰ দিশত ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
ৰোগীসকলৰ প্ৰতি আৰ.এম.পি.-ৰ কৰ্তব্যৰ অধিসূচনাত কোৱা হৈছে যে ৰোগীৰ যত্ন লোৱা আৰ.এম.পি. কামৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ হ'ব আৰু এক যুক্তিসঙ্গত মাচুলৰ অধিকাৰী হ'ব।
অপমানজনক, উচ্ছৃংখল আৰু হিংসাত্মক ৰোগী বা আত্মীয়ৰ ক্ষেত্ৰত, আৰ.এম.পি.-য়ে সকলো কথা নথিভুক্ত আৰু প্ৰতিবেদন কৰিব পাৰে । লগতে ৰোগীৰ চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিব পাৰে। এনে ৰোগীসকলক পৰৱৰ্তী চিকিৎসাৰ বাবে আন ঠাইলৈ প্ৰেৰণ কৰা হ'ব।
এই নতুন নিয়মবোৰে ভাৰতীয় চিকিৎসা পৰিষদৰ (এমচিআই) চিকিৎসা নৈতিকতা সংহিতা ২০০২ ৰ সলনি কৰিব। এয়া প্ৰথমবাৰৰ বাবে যে য'ত চিকিৎসকসকলে উচ্ছৃংখল আৰু হিংসাত্মক ৰোগীৰ চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰাৰ অধিকাৰ থাকিব।
আৰ.এম.পি.-য়ে কৈছে যে, কাক সেৱা আগবঢ়াব সেয়া তেওঁ বাছনি কৰিব পাৰিব। জীৱনৰ প্ৰতি ভাবুকি আহিব পৰা পৰিস্থিতি এৰিব পাৰিব। ইয়াৰ লগতে এয়াও কোৱা হৈছে যে, চিকিৎসকসকলে ঔষধ কোম্পানীৰ পৰা কোনো উপহাৰ, ভ্ৰমণ সুবিধা আদি গ্ৰহণ কৰিব নোৱাৰিব।
নিয়মত কোৱা হৈছে যে চিকিৎসাৰ পূৰ্বে কিমান ব্যয় হ'ব সেয়া ৰোগী বা পৰিয়ালক জনাব লাগিব। যদি তেওঁলোকে সেই ৰাশি দিব পাৰে তেতিয়া চিকিৎসাৰ বাবে অস্বীকাৰ কৰিবও পাৰে।