/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4c3d3709-d74b-495f-a9b0-33620f8a1204/AP_FOR_WEB_cotton.jpg)
ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত চৰকাৰে আৰম্ভ কৰিবলগীয়া খাওগলিক লৈ বিতৰ্ক চলি থকাৰ মাজতে উচ্ছেদল অভিযান। শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমে কটন বিশ্ববিদ্যালয়, নেহৰু উদ্যানৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ অভিযান চলায়।
ব্যৱসায় কৰাত বাধা প্ৰদান কৰে পৌৰ নিগমে। লগতে নিগমে কয় যে, নেহৰু উদ্যানৰ সন্মুখত ব্যৱসায়ী কৰিলে উচ্ছেদ হ’ব ব্যৱসায়িক প্রতিষ্ঠান। কটন বিশ্ববিদ্যালয়ৰ হোষ্টেল ৰোডত চলিল এই উচ্ছেদ অভিযান।
খাওগলিক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে চলা এই অভিযানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে চৰকাৰে পৌৰ নিগমে লৈছিল এক বিশেষ সিদ্ধান্ত। সেই সিদ্ধান্ত অনুসৰি গুৱাহাটীত হ'ব খাওগলী। য'ত উপলব্ধ হ'ব বিভিন্ন খাদ্য সম্ভাৰ। পৌৰ নিগমে দীঘলী পুখুৰী পাৰ আৰু কটন বিশ্ব বিদ্যালয়ৰ সন্মুখত খাওগলী খোলাৰ সিদ্ধান্ত লৈছিল। এই খাওগলীত প্ৰাধান্য দিয়া হব থলুৱা খাদ্য সম্ভাৰৰ বিপনীক। বৰ্জন কৰা হ'ব প্লাষ্টিক।
এই সিদ্ধান্তৰ পাছতে কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিৰোধিতা কৰিছিল। তেওঁলোকে কৈছিল যে হয়তো কটন থাকিব নহলে খাওগলি। এই খাওগলিক লৈ বিতৰ্ক চলি থকাৰ মাজতে পৌৰ নিগমৰ উচ্ছেদ অভিযানে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।
Also Read: জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে কি লিখি থৈ গ'ল টেট শিক্ষকগৰাকীয়ে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us