কোনোৱে মানি লোৱা নাই চৰ্ত! জয়ৰ পাছতো কৰ্ণাটক কংগ্ৰেছত সংঘাত...

১৩ মে'ত ঘোষণা হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত ১৩৫ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে কংগ্ৰেছে।
কোনোৱে মানি লোৱা নাই চৰ্ত! জয়ৰ পাছতো কৰ্ণাটক কংগ্ৰেছত সংঘাত...

ডিজিটেল ডেস্কঃ  ১৩ মে'ত ঘোষণা হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত ১৩৫ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে কংগ্ৰেছে। কিন্তু আজি পৰ্যন্ত কংগ্ৰেছে সঠিক সিদ্ধান্ত ল'ব পৰা নাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত।

 ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে দুই জ্যেষ্ঠ কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু সিদ্ধাৰমিয়া।কংগ্ৰেছৰ হাইকামাণ্ডে দুয়োগৰাকী নেতাৰ লগত বৈঠকত মিলিত হৈছে যদিও এতিয়াও সঠিক সিদ্ধান্ত ল'ব পৰা নাই।

সূত্ৰ অনুসৰি জানিব পৰা মতে কংগ্ৰেছে ডিকে শিৱকুমাৰৰ আগত দুটাকৈ প্ৰস্তাৱ দিছিল যদিও এটাও মানি নল'লে তেওঁ। বুধবাৰে কংগ্ৰেছ অধ্যক্ষ মাল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে ডিকে শিৱকুমাৰৰ লগত বৈঠকত মিলিত হৈছিল।

এই বৈঠকত শিৱকুমাৰক দুটাকৈ প্ৰস্তাৱ দিয়া হৈছিল। এটা হ'ল- ডিকে শিৱকুমাৰ কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী পদত থাকিব লগতে ৰাজ্যখনৰ কংগ্ৰেছ অধ্যক্ষ পদত থাকিব। কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছে নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ দৰে হ'ল। কিয়নো কংগ্ৰেছে নিয়ম উলিয়াইছিল যে এজন ব্যক্তিয়ে এটা পদতহে থাকিব পাৰিব।

আনটো প্ৰস্তাৱ আছিল-সিদ্ধাৰমিয়াৰ লগত শাসন ভাগ-বতৰা। প্ৰথম ২ বছৰ সিদ্ধাৰমিয়া আৰু তাৰ পাছৰ ৩ বছৰ ডিকে শিৱকুমাৰে মুখ্যমন্ত্ৰী হৈ থকাৰ অফাৰ দিছিল। কিন্তু দুয়োটা প্ৰস্তাৱ নাকচ কৰে শিৱকুমাৰে।

সময়ৰ লগে লগে কৰ্ণাটক কংগ্ৰেছত সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।উল্লেখ্য যে, দুয়োগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা। কংগ্ৰেছত তেওঁলোকৰ অৱদান যথেষ্ঠখিনি আছে। যদি এই সময়ত কংগ্ৰেছে সঠিক সিদ্ধান্ত নলয় তেন্তে দলটোৰ ওপৰত ইয়াৰ প্ৰভাৱ যে পৰিব সেয়া নিশ্চিত।

কোনোৱে মানি লোৱা নাই চৰ্ত! জয়ৰ পাছতো কৰ্ণাটক কংগ্ৰেছত সংঘাত...
কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিছাত খোজ চাৰা আলী খানৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in