অশ্লীল ফটো, ব্লেকমেইল পাছত মৃতদেহ উদ্ধাৰ, কোনে হত্যা কৰিলে দিব্যাক

এগৰাকী মডেলৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৰুগ্ৰামৰ এখন হোটেলত উদ্ধাৰ হৈছিল দিব্যাৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
অশ্লীল ফটো, ব্লেকমেইল পাছত মৃতদেহ উদ্ধাৰ, কোনে হত্যা কৰিলে দিব্যাক

ডিজিটেল ডেস্কঃ এগৰাকী মডেলৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৰুগ্ৰামৰ এখন হোটেলত উদ্ধাৰ হৈছিল দিব্যাৰ মৃতদেহ। তথ্য অনুসৰি মঙলবাৰে নিশা ২৭ বছৰীয়া দিব্যা পাহুজাক গুলীয়াই হত্যা কৰা হৈছিল। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত অভিজিত সিং সহ নেপালৰ হেমৰাজ আৰু পশ্চিমবংগৰ ওমপ্ৰকাশক গ্ৰেপ্তাৰ কৰিছে। আনহাতে দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

Advertisment

অভিযুক্তই আৰক্ষীৰ আগত ইতিমধ্যে ঘটনাৰ সবিশেষ জনাইছে। ওম প্ৰকাশ আৰু হেমৰাজে হত্যাৰ পাছত দিব্যাৰ মৃতদেহটো লুকাই ৰখাত সহায় কৰিছিল। ইয়াৰ বাবদ অভিজিতে তেওঁলোকক ১০ লাখ টকা দিছিল। তেওঁলোকে মৃতদেহটো গাড়ীত লৈ গৈছিল আৰু এই সমগ্ৰ ঘটনা চিচিটিভিত আৱদ্ধ হৈছে।

ঘটনাৰ মুখ্য অভিযুক্ত তথা হোটেলখনৰ মালিক অভিজিত সিঙৰ মতে অভিজিতৰ অশ্লীল ফটো দিব্যাৰ লগত আছিল। ইয়াক লৈ দিব্য়াই তেওঁক ব্লেকমেইল কৰি আহিছিল। দিব্যাই ইতিমধ্যে অভিজিতৰ পৰা বহু টকা লৈছে।

২ জানুৱাৰীত দিব্যা আৰু অভিজিত হোটেললৈ আহিছিল আৰু অভিজিতে ফটো ডিলিট কৰাৰ চেষ্টা কৰিছিল। কিন্তু দিব্যাই মান্তি হোৱা নাছিল যাৰ বাবে অভিজিতে গুলীয়াই হত্যা কৰে।

মুম্বাই আৰক্ষীৰ মতে গেংগষ্টাৰ সন্দীপ গাডোলীৰ প্ৰেমিকা আছিল দিব্যা। সন্দীপক ২০১৬ চনত আৰক্ষীয়ে এনকাউন্টাৰ কৰিছিল আৰু ইয়াৰ পাছত দিব্যা ৭ বছৰ জেলত আছিল। কিছুদিন পূৰ্বে জামিন লাভ কৰিছিল দিব্যাই।

দিব্যা হত্যাকাণ্ড সন্দৰ্ভত আৰু দুজন অভিযুক্ত জড়িত হৈ আছিল। আৰক্ষীয়ে তেওঁলোকক বিচাৰি অনুসন্ধান চলাই আছে। দিব্য়াৰ ভগ্নীয়ে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আছে।

Also Read: আৰক্ষীয়ে খেদি খেদি ধৰিলে দুই জালনোট সৰবৰাহকাৰীকঃ ৭৬,৫০০ টকাৰ জালনোট জব্দ...

crime