আৰক্ষীয়ে খেদি খেদি ধৰিলে দুই জালনোট সৰবৰাহকাৰীকঃ ৭৬,৫০০ টকাৰ জালনোট জব্দ...

আৰক্ষীয়ে খেদি খেদি ধৰিলে দুই জালনোট সৰবৰাহকাৰীকঃ ৭৬,৫০০ টকাৰ জালনোট জব্দ...
আৰক্ষীয়ে খেদি খেদি ধৰিলে দুই জালনোট সৰবৰাহকাৰীকঃ ৭৬,৫০০ টকাৰ জালনোট জব্দ...

ডিজিটেল সংবাদ চামগুৰিঃ পুনৰ সক্ৰিয় হৈ উঠিছে নকল নোটৰ চক্ৰ। ৰাজ্যত শেহতীয়াকৈ কেইবাজনো নকল নোট আৰু নকল সোণ সৰবৰাহৰ সৈতে জড়িত ব্যক্তিক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতে বৃহস্পতিবাৰে চামগুৰিত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে নকল নোটৰ সৰবৰাহৰে জড়িত এক চক্ৰক।

চামগুৰিৰ ৰঙাগড়াৰ আৰক্ষীয়ে খেদি খেদি ধৰিছে এই চক্ৰটোক। উল্লেখ্য যে, নগাওঁ জিলা আৰক্ষীৰ অপৰাধা শাখাৰ এটা দলে এক গোপন সূত্ৰৰ আধাৰত চলাইছিল অভিযান।

এই অভিযানৰ মাজতে আৰক্ষীয়ে এখন আৰ্টিগা বাহনৰ ওপৰত সন্দেহ জন্মাত খেদি গৈ ৰঙাগড়াৰ পথৰ মাজতে আগচি ধৰে। তাৰ পাছতে এই বাহনখনৰ পৰাই নকল নোটৰ সৰবৰাহৰে জড়িত ২ সৰবৰাহকীৰক কৰায়ত্ব কৰে আৰক্ষীৰ দলটোৱে।

আৰক্ষীয়ে জনোৱা অনুসৰি আটকাধীন দুই সৰবৰাহকাৰীৰ পৰা ৭৬ হাজাৰ ৫০০ টকাৰ জাল নোট জব্দ কৰাৰ লগতে জাল নোট তৈয়াৰ কৰাত ব্যৱহাৰ কৰা বৃহৎ পৰিমাণ কাগজৰ ৰীমো জব্দ কৰিছে।

ধৃত জালনোট সৰবৰাহকাৰী কেইটা চামগুৰি-কৰৈগুড়িৰ জহিৰুল ইছলাম আৰু চাহেব উদ্দিন। আৰক্ষীয়ে জব্দ কৰিছে এই দুই জালনোট সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এ এছ ০১ ই এম ৪৮৯১ নম্বৰৰ আৰ্টিগা বাহনখনো। সম্প্ৰতি ধৃত দুয়ো নগাঁও অপৰাধ শাখাৰ আৰক্ষীৰ জিম্মাত।

আৰক্ষীয়ে খেদি খেদি ধৰিলে দুই জালনোট সৰবৰাহকাৰীকঃ ৭৬,৫০০ টকাৰ জালনোট জব্দ...
ড্ৰাগছ সৰবৰাহত নামিল মেঘালয় আৰক্ষীও ! কাছাৰ আৰক্ষীৰ জালত দুজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in