অনলাইন যোগে মহিলাই অৰ্ডাৰ কৰা সামগ্ৰী দিবলৈ আহি যুৱকে কৰিলে ধৰ্ষণ কাণ্ড, এনকাউন্টাৰ

অনলাইন যোগে মহিলাই অৰ্ডাৰ কৰা সামগ্ৰী দিবলৈ আহি যুৱকে কৰিলে ধৰ্ষণ কাণ্ড, এনকাউন্টাৰ

ডিজিটেল ডেস্কঃ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ডেলিভাৰী বয়ক। দেওবাৰে আৰক্ষীয়ে জনাই এই কথা। নয়ডাত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

ঘটনাৰ বিৱৰণী অনুসৰি নয়ডাৰ এটা এপাৰ্টমেন্টত বাস কৰা এগৰাকী মহিলাই অনলাইন যোগে সামগ্ৰী অৰ্ডাৰ দিছিল। এই অৰ্ডাৰ সুমিত সিং নামৰ এজন ২৩ বছৰীয়া যুৱকে লৈ আহিছিল।

সুমিতে সামগ্ৰীখিনি লৈ অহাৰ সময়ত গম পাইছিল যে মহিলাগৰাকী ঘৰত অকলে আছিল। তেতিয়াই বলপূৰ্বকভাৱে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি সুমিতে ধৰ্ষণ কাণ্ড সংঘটিত কৰে।

এই ঘটনা শুকুৰবাৰে সংঘটিত হৈছিল আৰু লগে লগে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত সুমিতৰ উপস্থিতিৰ কথা গম পাইছিল। কিন্তু গ্ৰেপ্তাৰৰ পূৰ্বে সুমিতে এজন আৰক্ষী বিষয়াৰ পিষ্টল কাঢ়ি পলাই যাবলৈ সক্ষম হয়।

তাৰপাছতে আৰক্ষীয়ে সুমিতৰ পিছ লয় আৰু এনকাউন্টাৰ কৰে। ভৰিত গুলী লগাৰ ফলত সুমিত আহত হয় আৰু বৰ্তমান হাস্পাতালত ভৰ্তি হৈ আছে। আৰক্ষীয়ে জনোৱা অনুসৰি সুমিত ইয়াৰ পূৰ্বেও অপৰাধমূলক কামৰ বাবে গ্ৰেপ্তাৰ হৈছিল।

অনলাইন যোগে মহিলাই অৰ্ডাৰ কৰা সামগ্ৰী দিবলৈ আহি যুৱকে কৰিলে ধৰ্ষণ কাণ্ড, এনকাউন্টাৰ
কেৰালাত হোৱা বোমা বিস্ফোৰণৰ পাছত দিল্লীত বৃদ্ধি নিৰাপত্তা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in