কেৰালাত হোৱা বোমা বিস্ফোৰণৰ পাছত দিল্লীত বৃদ্ধি নিৰাপত্তা...

কেৰালাত হোৱা বোমা বিস্ফোৰণৰ পাছত দিল্লীত বৃদ্ধি নিৰাপত্তা...

ডিজিটেল ডেস্কঃ দেওবাৰে কেৰালাৰ কালামাচেৰীৰ এখন প্ৰাৰ্থনা সভাত ধাৰাবাহিক বোমা বিস্ফোৰণৰ পাছত ৰাজধানী দিল্লী আৰু মুম্বাইত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। দিল্লী আৰক্ষীয়ে কয় যে, বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ জনবহুল এলেকা সমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। দিল্লী আৰক্ষীৰ বিশেষ কোষে চোৰাংচোৱা সংস্থাসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে।

ঠিক একেদৰে মুম্বাইত উৎসৱৰ সময় আৰু হ'বলগীয়া ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মুম্বাইৰো জনবহুল এলেকা সমূহত নিৰাপত্তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে।

উল্লেখ্য যে, আজি কেৰালাত প্ৰাৰ্থনা সভা আৰম্ভ হোৱাৰ অলপ পিছতে সন্মিলন কেন্দ্ৰত ধাৰাবাহক বিস্ফোৰণ হয়। যাৰ ফলত এজন লোক নিহত হয় আৰু ৩৬ জন আহত হয়। এই প্ৰাৰ্থনা সভাত প্ৰায় ২০০০ লোকে অংশগ্ৰহণ কৰিছিল। ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰাৰ্থনা সভাৰ আজি অন্তিম দিন আছিল।

কেৰালা আৰক্ষীয়ে কয় যে, বিস্ফোৰণত আইইডি ব্যৱহাৰ কৰা হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ বিশেষ তদন্ত দল গঠন কৰিছে। ঘটনাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ সৈতে ফোনত কথা পাতি ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল ।

কেৰালাত হোৱা বোমা বিস্ফোৰণৰ পাছত দিল্লীত বৃদ্ধি নিৰাপত্তা...
ডিমাপুৰত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত ১১০ গৰাকীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in