দিল্লীত অৱ্যাহত আছে জলসংকট : এটুপি পানীৰ বাবে ৰাইজৰ দীঘলীয়া শাৰী

দিল্লীত দেখা দিয়া ভয়াৱহ জলসংকটকলৈ অৱ্যাহত আছে ৰাজনৈতিক যুঁজ

author-image
Asomiya Pratidin
New Update
দিল্লীত অৱ্যাহত আছে জলসংকট : এটুপি পানীৰ বাবে ৰাইজৰ দীঘলীয়া শাৰী

ডিজিটেল ডেস্ক : এফালে গ্ৰীষ্মপ্ৰবাহ, আনফালে খোৱাপানী এটুপিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে একাংশ লোক। দেশৰ ৰাজধানী দিল্লীত অৱ্যাহত আছে জলসংকট। আজিও এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে দিল্লীবাসী।

Advertisment

ইফালে দিল্লীত দেখা দিয়া ভয়াৱহ জলসংকটকলৈ অৱ্যাহত আছে ৰাজনৈতিক যুঁজ। ইয়াৰ মাজতে আপ চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লিনাই প্ৰতিবাদত বহা পৰিলক্ষিত হয়।

হাৰিয়ানা চৰকাৰে পৰ্যাপ্ত পানী এৰি নিদিয়াৰ অভিযোগ তোলে মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভতে মন্ত্ৰী আতিশীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে।

তেঁও কয়- "সকলো সম্ভৱ প্ৰচেষ্টা থকা সত্বেও হাৰিয়ানা চৰকাৰে দিল্লীক পৰ্যাপ্ত পানী যোগান ধৰা নাই। মহাত্মা গান্ধীয়ে শিকাইছে যে যদি কোনোবাই অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব লগা হয়, তেন্তে সত্যাগ্ৰহৰ পথ গ্ৰহণ কৰিব লাগিব। মই 'পানী সত্যাগ্ৰহ' আৰম্ভ কৰিম।"

ইফালে জলসংকট অৱ্যাহত থকাৰ মাজতে শনিবাৰে নতুন দিল্লীৰ বিভিন্ন প্ৰান্তত টেংকাৰৰ পৰা ৰাইজে পানী সংগ্ৰহ কৰিবলৈ দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয়। এতিয়া খোৱাপানীৰ অভাৱে দিল্লীবাসীক স্বাভাৱিকতে অস্বস্তিত পেলাইছে। কেতিয়া এই সমস্যাৰ সমাধান হ'ব তাকে লৈ এতিয়া চিন্তিত দিল্লীবাসী।

Also Read: বেংকলৈ গৈ আজিপৰ্যন্ত সন্ধান নাই : বাৰপূজীয়া বুঢ়াপুখুৰীপাৰৰ বোৱাৰী নিৰুদ্দেশ

Atishi water delhi Water Crisis