বেংকলৈ গৈ আজিপৰ্যন্ত সন্ধান নাই : বাৰপূজীয়া বুঢ়াপুখুৰীপাৰৰ বোৱাৰী নিৰুদ্দেশ

কোনো সদাশয় ব্যক্তিয়ে বোৱাৰীগৰাকীৰ সন্ধান পালে ৭৮৯৬০৭২২৫২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী তথা দুই সন্তানে

author-image
Asomiya Pratidin
New Update
বেংকলৈ গৈ আজিপৰ্যন্ত সন্ধান নাই : বাৰপূজীয়া বুঢ়াপুখুৰীপাৰৰ বোৱাৰী নিৰুদ্দেশ

ডিজিটেল সংবাদ,ৰহা : ৰহাৰ সমীপৱৰ্তী বাৰপূজীয়া বুঢ়াপুখুৰীপাৰৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৫ বছৰীয়া বোৱাৰীগৰাকীৰ নাম নিকুমণি দাস।

Advertisment

স্বামীৰ নাম জয়ন্ত দাস। বুঢ়াপুখুৰীপাৰৰ নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকীৰ দুটাকৈ মৰম লগা ল'ৰা আছে। ডাঙৰ ল'ৰাটো চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত আৰু সৰু ল'ৰাটো দ্বিতীয় শ্ৰেণীত।

জানিব পৰা অনুসৰি ১৯ জুন বুধবাৰে ঘৰত শাহুমাকক বেংকলৈ যাওঁ বুলি কৈ যি ওলাই গ'ল আজিও‌ উভতি অহা নাই ঘৰলৈ। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই বোৱাৰীগৰাকীৰ।

অৱশেষত পৰিয়ালৰ লোক কাষ চাপিছে আৰক্ষীৰ। কিন্তু তিনিদিন পিচতো পোৱা নাই বোৱাৰীগৰাকীৰ কোনো সন্ধান। কোনো সদাশয় ব্যক্তিয়ে বোৱাৰীগৰাকীৰ সন্ধান পালে ৭৮৯৬০৭২২৫২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামী আৰু কণমানি ল'ৰা দুটাই।

Also Read: ভি ভি এছ লক্ষ্মণৰ আঙুলিত ধৰি জিম্বাব'ৱে ভ্ৰমণ কৰিব এজাক তৰুণে

nagaon police raha police raha missing case Assam police