দিল্লী বিশ্ববিদ্যালয়ত অসম সত্ৰ মহাসভাৰ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন...

দিল্লী বিশ্ববিদ্যালয়ত অসম সত্ৰ মহাসভাৰ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
দিল্লী বিশ্ববিদ্যালয়ত অসম সত্ৰ মহাসভাৰ আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন...

ডিজিটেল সংবাদ,দিল্লীঃ অসম সত্ৰ মহাসভাই দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত সোমবাৰে এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰে ৷ আলোচনাচক্ৰৰ বিষয় হ'ল "মধ্যযুগৰ ভক্তি আন্দোলন আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ: বিশ্বায়নৰ প্ৰেক্ষাপটত এক বিশ্লেষণ আৰু অন্তৰ্দৃষ্টি" ৷

Advertisment

এই আলোচনা চক্ৰত অনলাইন আৰু অফলাইন যোগে ১০০ খন গৱেষণা পত্ৰৰ ওপৰত আলোকপাত কৰা হয়। ইয়াৰোপৰিও মঙলবাৰে দিল্লী বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা হ'ব এখন অংকীয়া ভাওনা ৷

এই আলোচনাচক্ৰখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ গৰিমাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰত সহায় কৰিব বুলি মন্তব্য কৰে সমন্বয়ক তথা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড' ৰত্নোতমা দাসে ৷

অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰান্তিক গোস্বামীয়েও সত্ৰ মহাসভাই ভৱিষ্যতেও গুৰুজনাৰ কৰ্মৰাজিক বিদ্যায়তনিক ভাৱে আগবঢ়াই নিবলৈ প্ৰয়াস কৰি যাব বুলি মন্তব্য কৰে ৷

Also Read: ৰাষ্ট্ৰীয় ৰাজধানীত "উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন ৰূপে অসম" শীৰ্ষক বক্তৃতানুষ্ঠান...

delhi university