ডিজিটেল ডেস্কঃ অসম এছোচিয়েছন, দিল্লীৰ সাংস্কৃতিক আৰু শৈক্ষিক ন্যাসৰ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱ ভৱন প্ৰেক্ষাগৃহত "উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন ৰূপে অসম" বা "Assam as growth engine of North East" শীৰ্ষক এটি সুন্দৰ বক্তৃতানুষ্ঠান সম্পন্ন হয়৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত এটি বৰগীত পৰিৱেশনেৰে ২৮ ছেপ্টেম্বৰৰ বিয়লি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয় ৷
বৰগীতটি হৃদয় পৰশাকৈ ভক্তিভাৱেৰে পৰিৱেশন কৰে ড° ভৱানন্দ বৰবায়নৰ শিষ্যা দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী গৰিমা বৰুৱাই ৷ অভিযন্তা নিলয় দাসে সাৱলীলভাৱে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই এছোচিয়েছনৰ সভাপতি শ্ৰীযুত হৰেকৃষ্ণ দাসে৷ অনুষ্ঠানটিৰ আহ্বায়িকা এছোচিয়েছনৰ সদস্যা অধ্যাপিকা মৃদুস্মিতা বৰুৱাই মুখ্য বক্তা অধ্যাপক বিগ্ৰেডিয়াৰ (অৱসৰপ্ৰাপ্ত) জীৱন ৰাজপুৰোহিতক উপস্থিত ৰাইজৰ আগত পৰিচয় কৰাই দিয়ে ৷
ভাৰতীয় স্থল সেনাত উচ্চপদত অসম, অৰুণাচলকে ধৰি বিভিন্ন স্থানত বিশিষ্ট সেৱা আগবঢ়োৱা ৰাজপুৰোহিতদেৱ বিদ্যায়তনিক দিশতো প্ৰশংসনীয়ভাৱে সক্ৰিয় ৷ পঞ্চতন্ত্ৰৰ দীৰ্ঘদৰ্শী, প্ৰত্যুৎপন্নমতি আৰু দীৰ্ঘসূত্ৰী এই তিনিটা মাছৰ কাহিনীৰ উল্লেখেৰে ৰাজপুৰোহিতে অতি প্ৰাঞ্জলভাৱে তেখেতৰ বিষয়বস্তুৰ উপস্থাপন কৰে ৷
দৃশ্য-শ্ৰব্য মাধ্যমেৰে অসমৰ গৌৰৱময় ইতিহাস,বিশেষ ভৌগোলিক অৱস্থান,সমৃদ্ধ প্ৰাকৃতিক তথা সাংস্কৃতিক সমলৰ কথা উনুকিয়ায় ৷ ব্ৰিটিছকালীন অতীজৰ দৰে ব্ৰহ্মপুত্ৰ নদীৰে জল-পৰিবহনক পুনৰ বিকাশ ঘটাব পৰাৰ সম্ভাৱনাত তেখেতে গুৰুত্ব আৰোপ কৰে।
চাহ-উদ্যোগ, তেল আৰু প্ৰাকৃতিক গেছ, বাঁহৰ পৰা ইথানল প্ৰস্তুত, চেমি-কণ্ডাক্টৰ,সৌৰশক্তি, জলবিদ্যুৎ, বতাহৰ শক্তি, পৰ্যটন-উদ্যোগ, পাটমুগা আৰু এড়ী আদিৰ কথাও তেওঁ উল্লেখ কৰে ৷
চৰকাৰ আৰু জনগণৰ ইচ্ছাশক্তিয়েই যে বিকাশৰ পূৰ্ব চৰ্ত এই কথাত তেওঁ জোৰ দিয়ে ৷ মহাবীৰ লাচিত বৰফুকনৰ দৰে অদম্য মনোবলেৰে যে ভাৰতৰ এই গৌৰৱময় পূৰ্বোত্তৰ খণ্ডই বিকাশৰ এক নতুন অধ্যায় আৰম্ভ কৰিব পাৰে তেওঁ এই আশা ব্যক্ত কৰে ৷
চাণক্যনীতিৰ কথাও ৰাজপুৰোহিতদেৱে মাজে মাজে উল্লেখ কৰে আৰু চাণক্যৰ দৰে বুদ্ধিমত্তাৰে যে আৰ্থ-ৰাজনৈতিক সুপৰিবৰ্তন সাধন ইতিহাসত প্ৰমাণিত হৈ গৈছে তাৰো উল্লেখ কৰে ৷
প্ৰশ্নোত্তৰ পৰ্বত এছোচিয়েছনৰ প্ৰাক্তন সভাপতি তথা তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ প্ৰাক্তন চি এম ডি বিকাশ বৰা, বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীকে ধৰি বহুজনে সক্ৰিয় অংশগ্ৰহণ কৰে ৷ ইণ্টাৰনেটৰ জৰিয়তেও বহুজন এই অনুষ্ঠানৰ সৈতে সংযোজিত হৈছিল। এছোচিয়েছনৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা NEDFI ৰ প্ৰাক্তন সঞ্চালক মনোজ দাসে ইণ্টাৰনেটৰ জড়িয়তে একে বিষয়তে দ্বিতীয়টো বক্তৃতা প্ৰদান কৰে ৷