প্ৰচণ্ড শীতত কঁপিছে ৰাজধানী দিল্লী; অৰেঞ্জ এলাৰ্ট জাৰি....

প্ৰচণ্ড শীত প্ৰৱাহে জোকাৰি গৈছে সমগ্ৰ উত্তৰ ভাৰতক
প্ৰচণ্ড শীতত কঁপিছে ৰাজধানী দিল্লী
প্ৰচণ্ড শীতত কঁপিছে ৰাজধানী দিল্লী

ডিজিটেল ডেস্ক: প্ৰচণ্ড শীত প্ৰৱাহে জোকাৰি গৈছে সমগ্ৰ উত্তৰ ভাৰতক। দিল্লীত প্ৰতিদিনে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰাজধানী দিল্লীত এই বৰ্ষৰ সৰ্বনিম্ন তাপমাত্ৰা ২.৮ ডিগ্ৰী চেলচিয়াছ হয়গৈ।

উল্লেখ যোগ্য যে, ২০২১ চনত ৰাজধানী দিল্লীত সৰ্বনিম্ন তাপমাত্ৰা আছিল ১.১ ডিগ্ৰী চেলচিয়াছ। আনহাতে বিগত দুটা বৰ্ষৰ তুলনাত বৃহস্পতিবাৰৰ তাপমাত্ৰা হৈছে আটাইতকৈ সৰ্বনিম্ন।

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, দিল্লীৰ সফদৰজঙত নূন্যতম তাপমাত্ৰা ৩.০ ডিগ্ৰী চেলচিয়াছ হোৱাৰ লগতে লোধী ৰোডত ২.৮ ডিগ্ৰী চেলচিয়াছ।

প্ৰচণ্ড শীতৰ প্ৰকোপৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাৰ অসুবিধাৰ সন্মুখীন হোৱাৰ সমান্তৰালকৈ সাধাৰণ জনতাৰ দৈনন্দিন কাম-কাজত বাধা আহি পৰিছে।

ইফালে হাড় কপোৱা ঠাণ্ডাৰ বাবে সমগ্ৰ দিল্লীতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আগন্তুক ৬ আৰু ৭ জানুৱাৰীত শীতৰ প্ৰকোপ অধিক বৃদ্ধি পোৱাৰ আকংশা কৰা হৈছে ৰাজধানী দিল্লীত ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in