/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/aa838551-b41a-4aff-9580-9076643aa141/rhino.jpg)
৩ মাহত কাজিৰঙালৈ আহিল ১.৩৬ লাখ পৰ্যটক
ডিজিটেল ডেস্ক: প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীগত বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চল বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটনৰ বাবে বিশেষভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এসময়ত গঁড় হত্যাৰ খবৰে কলংকিত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষত এটাও গঁড় হত্যা নোহোৱাৰ খবৰে সমগ্ৰ ৰাজ্যকে গৌৰৱাম্বিত কৰাৰ লগতে কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই আন এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
অভিলেখৰ দিশত কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ। চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত আৰম্ভণিৰ তিনি মাহতে কাজিৰঙালৈ আহিল ১ লাখ ৩৬ হেজাৰ দেশী-বিদেশী পৰ্যটক। ইযাৰ ভিতৰত ৩ হেজাৰ ৮০ গৰাকী বিদেশী পৰ্যটক। আনহাতে পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমান ৩ কোটি ৪১ লাখ ৩ হেজাৰ ৫০০ টকা। এই কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ নাথ শৰ্মাই।
উল্লেখযোগ্য যে, ২০২২ বৰ্ষত কাজিৰঙাত এটাও গঁড় হত্যা কৰিব নোৱাৰিলে চোৰাং চিকাৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল। তাৰেই ফলশ্ৰুতিত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যাৰ ৰোধ হ'ল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us