যন্তৰ মন্তৰৰ প্ৰতিবাদ, আজি গ্ৰহণ কৰা হ'ল অভিযুক্ত ব্ৰীজ ভূষণৰ ভাষ্য

যন্তৰ মন্তৰৰ প্ৰতিবাদ, আজি গ্ৰহণ কৰা হ'ল অভিযুক্ত ব্ৰীজ ভূষণৰ ভাষ্য

ডিজিটেল ডেস্ক : নতুন দিল্লীৰ যন্তৰ মন্তৰত অব্যাহত আছে মল্লযুঁজাৰু সকলৰ প্ৰতিবাদ । ভাৰতীয় মল্লযুদ্ধ সংস্থাৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে মহিলা খেলুৱৈসকলে উত্থাপন কৰিছিল এক গুৰুতৰ অভিযোগৰ । এই অভিযোগৰ তথ্য অনুসৰি হেনো ব্ৰীজ ভূষণৰ যৌন উৎপীড়নৰ বলি হৈছিল বহু কেইগৰাকী মহিলা খেলুৱৈ, যি সকলৰ ভিতৰত আছিল এগৰাকী নাবালিকাও ।

কিন্তু এই সন্দৰ্ভত আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদত বহিবলৈ বাধ্য হৈছিল কেইবাগৰাকীও ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় তথা অলিম্পিক পৰ্যায়ৰ খেলুৱৈ । কেৱল মহিলা খেলুৱৈয়ে নহয় বৰং বজৰং পুনিয়াৰ দৰে খেলুৱৈও এই প্ৰতিবাদৰ অংশীদাৰ হৈছিল । কেইবাদিনো ধৰি চলি থকা প্ৰতিবাদৰ অন্ততো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দিল্লীৰ আৰক্ষী বিভাগে কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হোৱা নাছিল খেলুৱৈসকলৰ প্ৰতি । যাৰ বাবেই বিগত ১১ মে', শুক্ৰবাৰে খেলুৱৈসকলে বাহু আৰু শিৰত ক'লা বস্ত্ৰ পৰিধান কৰি ক'লা দিৱস পালন কৰিছিল প্ৰতিবাদস্বৰূপে ।

তাৰ পাছতেই শনিবাৰে, দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণৰ ভাষ্য গ্ৰহণ কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত ।

উল্লেখ্য যে, ব্ৰীজ ভূষণে প্ৰথমৰে পৰাই এই অভিযোগ অসত্য বুলি দাবী কৰি অহাৰ বিপৰীতে খেলুৱৈসকলে এই প্ৰতিবাদৰ বাবে তেওঁলোকৰ ফোন পৰ্যন্ত টেপ কৰা বুলি অভিযোগ উত্থাপন কৰে ।

যন্তৰ মন্তৰৰ প্ৰতিবাদ, আজি গ্ৰহণ কৰা হ'ল অভিযুক্ত ব্ৰীজ ভূষণৰ ভাষ্য
চালানী মাছ খাই অসুস্থ হোৱা এগৰাকী মহিলাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in