চালানী মাছ খাই অসুস্থ হোৱা এগৰাকী মহিলাৰ মৃত্যু...

চালানী মাছ খাই অসুস্থ হোৱা এগৰাকী মহিলাৰ মৃত্যু...
চালানী মাছ খাই অসুস্থ হোৱা এগৰাকী মহিলাৰ মৃত্যু...

ডিজিটেল ডেস্কঃ গোৱালপাৰাৰ চালানী মাছ খাই অসুস্থ হোৱা এগৰাকী মহিলাৰ মৃত্যু হৈছে। উল্লেখ্য যে, জিলাখনৰ ধূপধৰাৰ মাৰিয়ামপুৰত এগৰাকী বৃদ্ধাৰ আদ্যশ্ৰাদ্ধত ভোজভাতৰ লগত চালানী মাছ খাই অসুস্থ হৈ পৰিছিল বহু কেইগৰাকী লোক।

তাৰ মাজত আছিল কেইবাগৰাকীও শিশু, মহিলা। সেই অসুস্থ মহিলাৰ মাজৰে ৰেনুবালা এ চাংমা নামৰ মহিলাগৰাকীৰ নিশা মৃত্যু হয়। অসুস্থ লোকসকলৰ ভিতৰত ৰেনুবালা চাংমাকে ধৰি মুঠ ৪ জনক বুধবাৰে আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰে ৫৩ বছৰীয়া ৰেনুবালা চাংমাৰ মৃত্যু হোৱাত এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ সমান্তৰালকৈ পুনৰ চাঞ্চল্য সৃষ্টি হৈছে। ইফালে আই চি ইউত থকা বাকী ৩ গৰাকী লোকৰো অৱস্থা সংকটমুক্ত নহয়।

চালানী মাছ খাই অসুস্থ হোৱা এগৰাকী মহিলাৰ মৃত্যু...
মৃতদেহ সংৰক্ষণ কৰা ফৰ্মেলিন চালানী মাছত ব্যৱহাৰ ! সেই মাছ খাই ২০০ লোক অসুস্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in