পাৰ্টিত সুৰামত্ত হৈ ফ্লেটমেটক ছুৰীকাঘাত যুৱতীৰ...

বুধবাৰে পুৱাই দিল্লীৰ মজনু কা টিলাৰ ঘৰৰ ছাদত এগৰাকী মহিলাৰ ৰক্তক্ষয়ী মৃতদেহ উদ্ধাৰ হয়।

author-image
Asomiya Pratidin
New Update
পাৰ্টিত সুৰামত্ত হৈ ফ্লেটমেটক ছুৰীকাঘাত যুৱতীৰ...

ডিজিটেল ডেস্ক : দিল্লীত হত্যাকাণ্ড। বুধবাৰে পুৱাই দিল্লীৰ মজনু কা টিলাৰ ঘৰৰ ছাদত এগৰাকী মহিলাৰ ৰক্তক্ষয়ী মৃতদেহ উদ্ধাৰ হয়। এই মৃতদেহ উদ্ধাৰৰ লগে লগে সৃষ্টি হয় ৰহস্যৰ। কিয়নো এটা পাৰ্টিত কাজিয়াত লিপ্ত হোৱাৰ পাছতেই উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ।

Advertisment

ঘটনা অনুসৰি গুৰুগ্ৰামৰ এটা বিউটি পাৰ্লাৰত কাম কৰা ৰাণী আৰু অভিযুক্ত স্বপ্না উক্ত অঞ্চলটোৰ ভাড়াতীয়া। ৩৬ বছৰীয়া স্বপ্নাই মঙ্গলবাৰৰ নিশা এটা পাৰ্টিত সুৰামত্ত হৈ দেউতাকক উৎপীড়ন চলাই, যাৰ ফলত দুয়োগৰাকী মহিলাৰ মাজত কাজিয়ৰ সূত্ৰপাত হয়। আৰক্ষীৰ তথ্য অনুসৰি পাৰ্টিত কমেও ছয়জন লোক উপস্থিত আছিল।

উক্ত কাজিয়াৰ পাছত বিবাহ বিচ্ছেদকাৰী তথা এজনী ছোৱালী সন্তানৰ মাতৃ স্বপ্নাই পুৱা প্ৰায় ৪:৩০ বজাত ৰাণীক ছুৰীকাঘাত কৰে। পাকঘৰৰ চুৰি ব্যৱহাৰ কৰি একাধিকবাৰ আক্ৰমণ কৰাৰ ফলত ৰাণীৰ ঘটনাস্থলীতে মৃত্যু হয়। উল্লেখ্য যে, বিবাহত ৱেইটাৰ হিচাপে কাম কৰা অভিযুক্ত স্বপ্নাই জেৰাৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰে।

Also Read: ভূগোল বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ নিত্যাক্ষী নিৰলাৰ...

delhi police