
ডিজিটেল সংবাদ, ছয়দুৱাৰ : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফলত ভূগোল বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ (১০০%) নম্বৰ লাভ কৰি কৃতিত্বৰ অধিকাৰী হৈছে শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ মেধাৱী ছাত্ৰী নিত্যাক্ষী নিৰলা।
ঘোষিত ফলাফলত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৭% লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈছে নিত্যাক্ষী। অসমীয়াত ৮৫, ইংৰাজীত ৮১, অৰ্থনীতিত ৮২, বুৰঞ্জীত ৮৭, ভূগোলত ১০০ আৰু ৰাজনীতি বিজ্ঞান বিষয়ত লাভ কৰে ৭৫ নম্বৰ লাভ কৰিছে নিত্যাক্ষীয়ে।
উল্লেখ্য যে, নিত্যাক্ষী নিৰলা হেলেম মৌজাৰ অন্তৰ্গত চন্দামাৰী নিবাসী তথা শংকৰদেৱ শিশু নিকেতন, চন্দামাৰীৰ প্ৰধান আচাৰ্য্য দীপক নিৰলা আৰু সবিতা দেৱী নিৰলাৰ কন্যা।