নৃশংস! পুত্ৰৰ সহায় লৈ স্বামীক হত্যা কৰি ফ্ৰীজত ভৰাই থ'লে পত্নীয়ে,তাৰ পাছত...

দিল্লীত সংঘটিত হৈছে শ্ৰদ্ধা হত্যাকাণ্ডৰ অনুৰূপ ঘটনা

author-image
Asomiya Pratidin
New Update
নৃশংস! পুত্ৰৰ সহায় লৈ স্বামীক হত্যা কৰি ফ্ৰীজত ভৰাই থ'লে পত্নীয়ে,তাৰ পাছত...

delhi

ডিজিটেল ডেস্ক : দিল্লীত সংঘটিত হৈছে শ্ৰদ্ধা হত্যাকাণ্ডৰ অনুৰূপ ঘটনা। পিতৃক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি ফ্ৰিজত ভৰাই থ'লে পত্নী আৰু পুত্ৰই। এই কথা পোহৰলৈ অহাৰ লগে লগে দিল্লীৰ অপৰাধ নিৰ্মূল শাখাই মহিলা গৰাকী আৰু তেওঁৰ পুত্ৰক আটক কৰে।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি দিল্লীৰ পাণ্ডৱ নগৰত দিল্লী আৰক্ষীয়ে বহুকেইদিন পুৱা মানুহৰ শৰীৰৰ টুকুৰা উদ্ধাৰ কৰিছিল। তাৰ পাছত ঘটনা সন্দৰ্ভত তদন্ত কৰাত মহিলা গৰাকীৰ লগতে পুত্ৰক আটক কৰি সোধা-পোছা কৰাত সকলো তথ্য পোহলৈ আহে। অভিযুক্ত মহিলা গৰাকী আৰু পুত্ৰই প্ৰত্যেক দিনাই নিশাৰ সুযোগ লৈ পাণ্ডৱ নগৰৰ লগতে দিল্লীৰ চান্দ চিনেমাৰ সন্মুখত শৰীৰ টুকুৰা সমূহ পেলাই থৈ গৈছিল।

যাৰ ফলত পিছদিনা পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে। এনেদৰে কেইবাদিনো মানুহৰ শৰীৰৰ টুকুৰা উদ্ধাৰ হোৱাত আৰক্ষীয়ে ঘটনাৰ উচিত তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে চি.চি.টি.ভি ফুটেজ পৰীক্ষা কৰাত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহে।

নিজৰ স্বামীক হত্যা কৰিবলৈ পুত্ৰৰ সহায় লৈছিল মাতৃয়ে।এই সমগ্ৰ ঘটনাৰ বিষয়ে দিল্লী আৰক্ষীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে।

আৰু পঢ়ক : বকোত সদৌ অসম আন্ত:জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি

delhi murder case