বকোত সদৌ অসম আন্ত:জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি

কামৰূপ জিলাৰ বকোত যোৱা ২৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মুক্তি যোদ্ধা কাতিৰাম ৰাভাৰ সোঁৱৰণত ৫৮সংখ্যক সদৌ অসম আন্ত:জিলা চিনিয়ৰ(পুৰুষ আৰু মহিলা)ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বকোত সদৌ অসম আন্ত:জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপ জিলাৰ বকোত যোৱা ২৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মুক্তি যোদ্ধা কাতিৰাম ৰাভাৰ সোঁৱৰণত ৫৮সংখ্যক সদৌ অসম আন্ত:জিলা চিনিয়ৰ(পুৰুষ আৰু মহিলা)ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা খনৰ দেওবাৰে সফল সামৰণি পৰে।

Advertisment

২৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা এই আন্ত:জিলা ভিত্তিক খেলখনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৩১টা দলৰ ৯টা মহিলা আৰু ২২টা পুৰুষৰ দলে যোগদান কৰিছিল।সামৰণিৰ দিনটোত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত গুৱাহাটী মহিলা দলে গোলাঘাট মহিলা দলটোক পৰাস্ত কৰিবলৈ সক্ষম হয়।সমান্তৰালভাবে পুৰুষৰ এন এফ ৰেলৱে দলে নাজিৰা দলক পৰাস্ত কৰে।

মহিলা পুৰুষ উভয় দল দুটাই ৫টা চেটৰ ভিতৰত ৩টা চেটত একেধাৰে পইণ্ট লাভ কৰি বিজয়ী হয়।গুৱাহাটী দলৰ কবিতা ডেকা আৰু এন এফ ৰেলৱে দলৰ চচিন কে. শ্ৰেষ্ঠ খেলুৱৈ হিচাবে নিৰ্বাচিত হয়।ইয়াৰ পিছতে এখনি বটাঁ বিতৰণী সভা অনুষ্ঠিত হয়।

এই বটাঁ বিতৰণী সভাত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা,উপাধ্যক্ষ ৰমাকান্ত ৰাভা,বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস,বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন শৰ্মা,ৰাভা হাছংৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু আদিত্য ৰাভা।উল্লেখযোগ্য যে,পুৰুষ মহিলাৰ বিজয়ী দল দুটাৰ পৰা বাচনিকৃত খেলুৱৈ সকলক ৰাজ্যিক পৰ্যায়ৰ বাবে বাচনি কৰা হ'ব।

আৰু পঢ়ক: চীনৰ 'শূণ্য কোভিড নীতি'ৰ বিৰুদ্ধে উত্তাল ৰাজপথ...

assam