দিল্লী আপৰ! ১৫ বছৰ বিজেপিৰ দখলত থকা পৌৰ নিগম কেজৰিৱালৰ হাতত...

দিল্লীত আকৌ এবাৰ পৰাজয়ৰ মুখ দেখিব লগা হ'ল বিজেপিয়ে। বহু চেষ্টা কৰিও দিল্লীৰ পৌৰ নিগম নিজৰ হাতত ৰাখিব নোৱাৰিলে দলটোৱে।
দিল্লী আপৰ! ১৫ বছৰ বিজেপিৰ দখলত থকা পৌৰ নিগম কেজৰিৱালৰ হাতত...

ডিজিটেল ডেস্ক:  দিল্লীত আকৌ এবাৰ পৰাজয়ৰ মুখ দেখিব লগা হ'ল বিজেপিয়ে। বহু চেষ্টা কৰিও দিল্লীৰ পৌৰ নিগম নিজৰ হাতত ৰাখিব নোৱাৰিলে দলটোৱে। ৭ ডিচেম্বৰত ঘোষণা হোৱা দিল্লীৰ পৌৰ নিগম নিৰ্বাচনত আপে একক সংখ্যা গৰিষ্ঠাৰে নিজৰ কবজালৈ নিলে অৰবিন্দ কেজৰিৱাল বাহিনীয়ে।

প্ৰায় ১৫ বছৰ ধৰি দিল্লীৰ পৌৰ নিগম বিজেপিৰ হাতত থকাৰ বাবে ৰাজধানী চহৰ খনত এক সমান্তৰাল চৰকাৰ চলাইছিল দলটোৱে। ২৫০ খন আসনযুক্ত দিল্লীৰ পৌৰ নিগমত ১৩৪ খন আসনত জয় সাব্যস্ত কৰে আপৰ প্ৰাৰ্থীয়ে। ১০৪ খন আসনতে সন্তুষ্ট হ'ব লগীয়া হয় বিজেপি।

উল্লেখযোগ্য যে, ২০১৭ চনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি ১৮২ খন আসন লাভ কৰি পৌৰ নিগম গঠন কৰিছিল। ইয়াৰ বিপৰীতে এইবাৰ আপে ৪৮ খন কংগ্ৰেছে ৩০ খন, অন্যান্যই ১১ খন আসন লাভ কৰিছিল।

২০২২ বৰ্ষৰ দিল্লীৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছে ৯ খন আৰু অন্যান্যই ৩ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, দিল্লীৰ পৌৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমৰ পৰাও বিজেপিৰ নেতা কৰ্মী গৈছিল।

এই নিৰ্বাচনত সৰ্বাধিক ১৮১৩৪ টা অভিলেখ সংখ্যক ভোটত চাণ্ডিলী মহলৰ পৰা জয়ী হৈছে আপৰ প্ৰাৰ্থী এলে মহম্মদ ইকৱাল। আনহাতে চিতাৰঞ্জন পাৰৱাৰ্ডত আপৰ প্ৰাৰ্থী আশু ঠাকুৰে মাৰ্থ ৪৪ টা ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়।

দিল্লীৰ অন্যতম গুৰুত্বপূৰ্ণ ৱাৰ্ড জামা মছজিদ ৱাৰ্ডত জয়ী হয় আপৰ প্ৰাৰ্থী চুলতানা অবাদ। লক্ষ্মী নগৰ ৱাৰ্ডত ৩৮১৯ টা ভোটৰ ব্যৱধানত জয়ী হয় বিজেপি প্ৰাৰ্থী অলকা ৰাঘৱ।

এইবাৰ দিল্লীৰ পৌৰ নিৰ্বাচনত মুঠ ৭৩,৩৫,৮২৫ টা ভোটদান হৈছিল। ইয়াৰে ৫৭,৫৪৫ টা ভোট নোটাত পৰিছে। এই নিৰ্বাচন ফলাফল ঘোষণা কৰাৰ পাছতেই দিল্লী বাসীক কৃতজ্ঞতা জ্ঞাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় ৰাজনীতি এতিয়া অন্ত পৰিল। দিল্লী উন্নয়নৰ বাবে সকলোৱে একলগ হৈ কাম কৰাৰ সময় এয়া। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াই ফলাফল ঘোষণা কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় দিল্লীৰ জনতাই দুৰ্নীতিগ্ৰস্ত বিজেপিত আঁতৰাই এই ৰায় প্ৰদান কৰিলে।

আৰু পঢ়ক: গান্ধী মণ্ডপত মাটিত বহি কেবিনেট বৈঠক! ল'লে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in