গান্ধী মণ্ডপত মাটিত বহি কেবিনেট বৈঠক! ল'লে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। মাটিত বহি কেবিনেটত অংশগ্রহণ কৰে মন্ত্ৰী সকলে।
গান্ধী মণ্ডপত মাটিত বহি কেবিনেট বৈঠক! ল'লে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

ডিজিটেল ডেস্ক: প্ৰথম বাৰৰ বাবে মঙলবাৰে মহানগৰীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। মাটিত বহি কেবিনেটত অংশগ্রহণ কৰে মন্ত্ৰী সকলে।

এই কেবিনেটৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ৪০০ৰো অধিক শ্বহীদ পৰিয়াললৈ চাকৰি দিয়া হ'ব। ১৯৮৫ৰ পিছত শ্বহীদ হোৱা আৰক্ষী জোৱানলৈ পৰিয়াললৈ এই চাকৰি দিয়া হ'ব।

অসমত নতুনকৈ ১৬২খন থানা নিৰ্মাণ হ’ব। ৫২৩ কোটি টকা বিনিয়োগ হ’ব এই থানা নিৰ্মাণত। অন্যহাতে পলাশবাৰীত নিৰ্মাণ হ’ব এখন অত্যাধুনিক আৰক্ষী থানা। এই থানাখনৰ ওপৰ মহলাত থাকিব আৰক্ষী লোকসকলৰ কোৱাৰ্টাৰ।

APSCত নাথাকিব Subject Optional Paper। Gate-A আৰু Bৰ চাকৰিত ২% সংৰক্ষণ কৰা হ’ব। অৱসৰপ্রাপ্ত সেনা জোৱানৰ বাবে সংৰক্ষণ কৰা হ’ব এই চাকৰি।

এই কেবিনেটতে সিদ্ধান্ত লোৱা হয় যে ৪০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ’ব। লগতে গৰ্ভৱতী মহিলাৰ একাউণ্টত দিয়া হ’ব ৭০০ টকা।

নতুন ফৰেষ্ট বেটেলিয়নত অনুমোদন জনোৱা হয় এই কেবিনেটত। ১১০০ নিবনুৱাই চাকৰি পাব এই বেটেলিয়নত। লখিমপুৰ জিলাত হ’ব এই বেটেলিয়ন।

বন বিভাগত খালী হৈ থকা ১৭০০ পদত শীঘ্রেই দিয়া হ'ব নিযুক্তি। শিক্ষা বিভাগৰ খালী পদ পূৰণৰ বাবে শীঘ্রেই দিয়া হ’ব বিজ্ঞাপন। ৩০ ডিচেম্বৰৰ ভিতৰত দিয়া হ’ব বিজ্ঞাপন। ৩০ হাজাৰ নতুন নিযুক্তিৰ বাবে ওলাব বিজ্ঞাপন।

আৰু: পত্নীৰ লগত নাছিল সু-সম্পৰ্ক! কেনেদৰে ছাদৰ পৰা পৰি মৃত্যু হ'ল ৰাজীৱৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in