চুৰ কৰাত সহায় নকৰাৰ বাবেই চুৰীৰে ঘপিয়াই থৈ গ'ল চোৰে

চুৰ কৰাত সহায় নকৰাৰ বাবেই চুৰীৰে ঘপিয়াই থৈ গ'ল চোৰে

ডিজিটেল ডেস্ক : আজৱ দেশৰ আৰু আজৱ কাণ্ড । পূৰ্বে চুৰ-ডকাইতি আদি অপৰাধ সংঘটিত হোৱাৰ সময়ত বাধা দিয়াৰ বাবে আঘাতপ্ৰাপ্ত হৈছিল বহু লোক, বহু সময়ত পুলিছ-প্ৰশাসনৰো কোনো কোনো আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰিব লগীয়া পৰ্যন্ত হৈ পাইছিল । কিন্তু এইবাৰ হ'ল আন এক প্ৰকাৰৰ বিষম কাণ্ড । চুৰ কৰাত সহায় নকৰাৰ বাবে চুৰীৰে ঘপিয়াই থৈ গ'ল চোৰে ।

এই আজৱ কাণ্ড সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীতেই । উত্তৰ দিল্লীৰ বাৰা হিন্দু ৰাও অঞ্চলত সংঘটিত এই কাণ্ডত ভুক্তভোগী সমীৰে আৰক্ষীৰ সন্মুখত সদৰী কৰা অনুসৰি, সমীৰৰ সৈতে পূৰ্বৰে চিনাকী থকা ইশ্বান, অমন আৰু আনাচ নামৰ তিনিগৰাকী ব্যক্তিয়ে এখন স্কুটী চুৰ কৰাত সমীৰৰ সহায় বিচাৰে ।

কিন্তু সমীৰে এনে কৰিবলৈ মান্তি নোহোৱাত নিকটৱৰ্তী আৰক্ষী চকীৰ সমীপৰ এখন চাহৰ দোকানৰ পাছফালে তিনিওজনে সমীৰক লৈ যায় । সেই ঠাইতো পুনৰ একেই অনুৰোধ কৰে সমীৰক কিন্তু সমীৰ মান্তি নোহোৱাত ইশ্বান নামৰ ব্যক্তি গৰাকীয়ে পকেটৰ পৰা এখন চুৰী উলিয়াই আঘাত কৰে সমীৰক । কেৱল এয়াই নহয় সমীৰৰ সৈতে থকা ২ হাজাৰ টকা, আধাৰ কাৰ্ড, পান কাৰ্ড পৰ্যন্ত লৈ যায় তিনিও ব্যক্তিয়ে ।অপৰাধ সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন তিনিও যুৱকৰ ।

ইতিমধ্যে, ভাৰতীয় দণ্ডবিধি আইন অনুসৰি, দফা নং ৩৯৪ আৰু ৩৪ ৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে তিনিওগৰাকী ব্যক্তিৰ বিৰুদ্ধে । আৰক্ষীয়ে এই মুহুৰ্তলৈ অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও অব্যাহত ৰাখিছে তদন্ত ।

চুৰ কৰাত সহায় নকৰাৰ বাবেই চুৰীৰে ঘপিয়াই থৈ গ'ল চোৰে
ক'লৈ গ'ল জেছমিন? চাৰিদিনে নাই সন্ধান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in