/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7790fcf0-958b-4a41-b993-b48b7f482a4c/AP_FOR_WEB_new_222.jpg)
ক'লৈ গ'ল জেছমিন? চাৰিদিনে নাই সন্ধান...
ডিজিটেল সংবাদ মায়ংঃ মায়ঙৰ গৰুমৰা গাঁৱৰ পৰা এগৰাকী বোৱাৰী যোৱা চাৰিদিনে নিৰুদ্দেশ হৈ আছে। নিৰুদ্দিষ্ট বোৱাৰীগৰাকীৰ নাম জেছমিন বেগম (২৩)।
নিৰুদ্দিষ্ট জেছমিন বেগমৰ স্বামী ইমামুল চেখৰ সন্দেহ অনুসৰি নাৰী দেহ ব্যৱসায়ী চক্ৰৰ কবলত পৰিছে তেওঁৰ পত্নী। তেওঁ প্ৰকাশ কৰা অনুসৰি জেছমিনে এটি ২ বছৰীয়া পুত্ৰ সন্তানক ঘৰত এৰি যোৱাৰ লগতে নগদ ১ লাখ ১২ হাজাৰ ৮০০ টকা লগত লৈ গৈছে।
এই সন্দৰ্ভত মায়ং আৰক্ষীৰ কাষ চাপিছে ইমামুল চেখ। তেওঁ পত্নী নিৰুদ্দিষ্ট হোৱাৰ পাছতে মায়ং আৰক্ষীক এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। অৱশ্যে এতিয়াও কোনো শুংসূত্ৰ ওলোৱা নাই জেছমিনৰ। চাৰি দিন উকলি যোৱাৰ পিছতো জেছমিনৰ কোনো খবৰ লাভ নকৰাত এতিয়া ভাঙি পৰিছে জেছমিনৰ স্বামী আৰু পৰিয়ালৰ লোকসকল।
Also Read: প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে বিজেপি সভাপতিক মাজনিশা চোচৰাই নিলে আৰক্ষীয়ে...