কাৰাগাৰতে CBI য়ে গ্ৰেপ্তাৰ কৰিলে কে কবিতাকঃ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে

কে চি ৰাওৰ কন্যা কেবিতাৰ বিৰুদ্ধে আছে ১০০ কোটিৰ উৎকোচৰ অভিযোগ
কাৰাগাৰতে CBI য়ে গ্ৰেপ্তাৰ কৰিলে কে কবিতাকঃ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে
কাৰাগাৰতে CBI য়ে গ্ৰেপ্তাৰ কৰিলে কে কবিতাকঃ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে

ডিজিটেল ডেস্কঃ দিল্লী সুৰা নীতি কেলেংকাৰীৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে তেলেংগানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা বি আৰ এছ নেত্ৰী কে কবিতাক। বৃহস্পতিবাৰে তেওঁক কাৰাগাৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে।

উল্লেখ্য যে, ১৫ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। কিছু দিন ইডিৰ জিম্মাত থকাৰ পাছত তেওঁ বৰ্তমান আছিল ন্যায়িক জিম্মাত। ন্যায়িক জিম্মাত থকাৰ সময়তে যোৱা শনিবাৰে এইগৰাকী নেত্ৰীক চি বি আইয়ে কাৰাগাৰতে সোধাপোচা কৰিছিল। দিল্লীৰ ৰাউচ এভিনিউ আদালতে যোৱা ৯ এপ্ৰিলত কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদ ২৩ এপ্ৰিললৈ বৃদ্ধি কৰিছিল।

কাৰাগাৰৰ পাৰই চি বি আইয়ে গ্ৰেপ্তাৰ কৰা কে কেবিতাক ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰি নিজৰ জিম্মাত বিচাৰিব। কবিতাৰ বিৰুদ্ধে চি বি আইয় দিল্লীৰ সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। ইয়াৰ পিছতে এই গোচৰত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। কবিতাৰ বিৰুদ্ধে আছে দিল্লী সুৰা নীতি কেলেংকাৰীত ১০০ কোটি টকাৰ উৎকোচৰ অভিযোগ।

উল্লেখ্য যে, সোমবাৰে কে কবিতাৰ অন্তৱৰ্তীকালীন জামিন আৱেদন নাকচ কৰিছিল আদালতে। আদালতে জামিন আবেদন নাকচ কৰি কৈছিল কে কবিতাই প্ৰাথমিকভাৱে এই গোচৰৰ প্ৰমাণ ধ্বংস কৰাই নহয়, সাক্ষীসকলকো প্ৰভাৱিত কৰিছে। তেওঁক যদিহে সকাহ প্ৰদান কৰা হয় তেন্তে তেওঁ পুনৰ এনে কাৰ্য কৰাৰ সম্ভাৱনা আছে।এই একেটা গোচৰতে কাৰাগাৰত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছোদিয়া।

কাৰাগাৰতে CBI য়ে গ্ৰেপ্তাৰ কৰিলে কে কবিতাকঃ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে
'অৰুণোদয় ফৰ্মৰ প্ৰলোভনেৰে মিটিঙলৈ মানুহ আনিলে বিজেপিয়ে ভোট নাপাই'- উদয় শংকৰ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in