'অৰুণোদয় ফৰ্মৰ প্ৰলোভনেৰে মিটিঙলৈ মানুহ আনিলে বিজেপিয়ে ভোট নাপাই'- উদয় শংকৰ হাজৰিকা

নিজকে কৈকেয়ীৰ সৈতে তুলনা বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ
'অৰুণোদয় ফৰ্মৰ প্ৰলোভনেৰে মিটিঙলৈ মানুহ আনিলে বিজেপিয়ে ভোট নাপাই'-  উদয় শংকৰ হাজৰিকা
'অৰুণোদয় ফৰ্মৰ প্ৰলোভনেৰে মিটিঙলৈ মানুহ আনিলে বিজেপিয়ে ভোট নাপাই'- উদয় শংকৰ হাজৰিকা

ডিজিটেল সংবাদ, চিলাপথাৰঃ সমাগত নিৰ্বাচন, ক্ৰমে তীব্ৰ ৰূপ লৈছে নিৰ্বাচনী বতাহ। গাঁৱে-ভূঞে সোমাই পৰিছে শাসক, বিৰোধী আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ লগতে সমৰ্থক। গ্ৰামাঞ্চলৰ ধূলি উৰুৱাই সঘনে অহা যোৱা কৰা দেখা গৈছে নেতাৰ বিলাসী বাহন। সমান্তৰালভাৱে তীব্ৰ ৰূপ লৈছে নেতাৰ বাক যুদ্ধই। পৰস্পৰে পৰস্পৰৰ প্ৰতি বিষাক্ত বাক্যবাণ নিক্ষেপ কৰি ভোটাৰক নিজা ফলীয়া কৰাৰ চেষ্টা চলাইছে।

বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক বিৰোধীয়ে নিমাতী কইনা আখ্যা দিয়াৰ প্ৰত্যুত্তৰত কুলাজানত অনুষ্ঠিত সভাত নিজ নিজ ট্ৰাম কাৰ্ড লুকুৱাই থোৱাই ভাল বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই। নিজকে কৈকেয়ীৰ সৈতে তুলনা কৰি অযথা আৰু অপ্ৰয়োজনীয় কথা নকৈ মহাৰাণী কৈকেয়ীৰ দৰে উচিত সময়ত উচিত কথা উপস্থাপন কৰিম বুলি মন্তব্য় কৰে।

একেদৰে ডিমৌত অনুষ্ঠিত এক প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থী উদয়শংকৰ হাজৰিকাই অৰুণোদইৰ ফৰ্মৰ প্ৰলোভন দি বাছত মানুহ আনিলেই ভোট নাপাই বুলি বিজেপিক কটাক্ষ‌ কৰে। নিৰ্বাচনী বিধি উলংঘা কৰি অশোক স্তম্ভ নথকা ভুৱা আঁচনীৰ ফৰ্ম বিতৰণ কৰি মহিলাক ঠগন দিয়াৰ প্ৰতিফল পাব বুলিও তীব্ৰ সমালোচনা কৰে। ইয়াৰোপৰি ১৯ এপ্ৰিলত কংগ্ৰেছে সমৰ্থন পাব বুলিও কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে দাবী কৰে ।

আনহাতে চিলাপথাৰৰ মাজৰবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক নিষ্কৰ্মা আৰু নিমাতী কইনা আখ্যা দিয়ে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াই। তৃণমূল কংগ্ৰেছে ৰাইজক দুখ দুৰ্গতিৰ পৰা পৰিত্ৰাণ দিব বুলিও মন্তব্য কৰি সমৰ্থনৰ আহ্বান জনায়।

ৰজা ভঙা পতাৰ সিদ্ধান্ত ৰাইজৰ হাতত। যুদ্ধত কোন বিজয়ী হ'ব বা কোন ধাৰাশায়ী হ'ব সেয়া সময়তহে স্পষ্ট হ'ব।

'অৰুণোদয় ফৰ্মৰ প্ৰলোভনেৰে মিটিঙলৈ মানুহ আনিলে বিজেপিয়ে ভোট নাপাই'-  উদয় শংকৰ হাজৰিকা
'No Road No Vote' শ্ল'গানেৰে উত্তপ্ত হোজাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in