বিদেশী মুদ্ৰাৰ চোৰাং ব্যৱসায়ঃ দিল্লীৰ বিমানবন্দৰত জব্দ ১০ কোটিৰ বিদেশী মুদ্ৰা...

বিদেশী মুদ্ৰাৰ চোৰাং ব্যৱসায়ঃ দিল্লীৰ বিমানবন্দৰত জব্দ ১০ কোটিৰ বিদেশী মুদ্ৰা

author-image
Asomiya Pratidin
New Update
বিদেশী মুদ্ৰাৰ চোৰাং ব্যৱসায়ঃ দিল্লীৰ বিমানবন্দৰত জব্দ ১০ কোটিৰ বিদেশী মুদ্ৰা...

ডিজিটেল ডেস্কঃ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আইজিআই) বিমানবন্দৰৰ জব্দ কোটি টকাৰ বিদেশী মুদ্ৰা। শুকুৰবাৰে বিমানবন্দৰটোত অভিযান চলাই শুল্ক বিভাগে বিদেশী মুদ্ৰাসমূহ জব্দ কৰাৰ লগতে আটক কৰে তিনিজন তাজিকিস্তানৰ নাগৰিকক।

Advertisment

খবৰ অনুসৰি বিদেশী মুদ্ৰাসমূহ লাগেজত অনা জোতাৰ ভিতৰত লুকুৱাই ৰখা হৈছিল। জব্দাকৃত বিদেশী মুদ্ৰাসমূহৰ পৰিমাণ প্ৰায় ১০ কোটিৰো অধিক। উল্লেখ্য বিদেশী অভিযুক্ত কেইজন আছিল ইস্তাম্বুল অভিমুখী। ইস্তাম্বুললৈ বুলি বিমানত উঠাৰ জো-যা কৰোঁতেই ভাৰতীয় শুক্ল বিভাগৰ হাতত ধৰা পৰে অভিযুক্ত কেইজন।

জব্দাকৃত বিদেশী মুদ্ৰাসমূহৰ ভিতৰত ৭,২০,০০০ আমেৰিকান ডলাৰ আৰু ৪,৬৬,২০০ ইউৰো মুদ্ৰা, যাৰ ভাৰতীয় মূল্য হ'ব প্ৰায় ১০.৬ কোটি টকা। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অভিযুক্ত কেইজনক জেৰা কৰাৰ সমান্তৰালভাবে অনুসন্ধান অব্যাহত ৰাখিছে বিভাগটোৱে।

উল্লেখ্য শুল্ক বিভাগৰ মতে বৰ্তমানলৈ ভাৰতৰ বিমানবন্দৰসমূহত বিদেশী মুদ্ৰাৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত তথা মুদ্ৰা জব্দ কৰা ঘটনাৰ ভিতৰত এয়া আটাইতকৈ ডাঙৰ ঘটনা। আনহাতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি আটকাধীন তিনি বিদেশীৰ ভিতৰত এজন কিশোৰ।

Also Read: বগীবিলত পথ অৱৰোধ কাৰ্যসূচীৰে মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদ‌...

Customs Department of India Govt of India