বগীবিলত পথ অৱৰোধ কাৰ্যসূচীৰে মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদ‌...

বগীবিলত পথ অৱৰোধ কাৰ্যসূচীৰে মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদ‌...

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবীত বগীবিলত প্ৰতিবাদ। এই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। যুৱ-ছাত্র পৰিষদৰ বৰবৰুৱা আঞ্চলিক সমিতিয়ে শনিবাৰে বগীবিলৰ ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে।

প্ৰতিবাদৰ সময়ত যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাস কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰে প্ৰতিবাদকাৰীয়ে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰাৰ পিছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোনোধৰণৰ কাণসাৰ নিদিয়াক লৈ যুৱ-ছাত্র পৰিষদৰ প্ৰতিবাদকাৰীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে পৰিষদে আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰাৰো হুংকাৰ প্ৰদান কৰে।

বগীবিলত পথ অৱৰোধ কাৰ্যসূচীৰে মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদ‌...
অসম সত্ৰ মহাসভাৰ উদ্যোগত বৰগীত,ভাওনা-সত্ৰীয়া নৃত্যৰ কৰ্মশালা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in