Advertisment

২৫ জুনলৈ কাৰাগাৰতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল...

দিল্লী উচ্চ ন্যায়ালয়ত ২৫ জুনতহে কেজৰিৱালৰ জামিন সন্দৰ্ভত দিব ৰায়

author-image
Asomiya Pratidin
New Update
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰৰ জাল মোডী বাহিনীৰ: আপ

২৫ জুনলৈ কাৰাগাৰতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল...

ডিজিটেল ডেস্কঃ অহা ২৫ জুনলৈকে কাৰাগাৰৰ ভিতৰতে থকাটো নিশ্চিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। সুৰা নীতি কেলেংকাৰীত অভিযুক্ত হৈ দীৰ্ঘদিন ধৰি কাৰাগাৰত আৱদ্ধ হৈ থকা কেজৰিৱালক আজি ৰাউচ এভিনিউ আদালতে ১ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰিলে যদিও তেওঁৰ এই জামিনৰ ওপৰত এক দীঘলীয়া শুনানিৰ অন্তত স্থগিতাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

Advertisment

দিল্লী উচ্চ ন্যায়ালয়ে এই শুনানিৰ সময়ত ৰাউচ এভিনিউ আদালতৰ ৰায়ক অপ্ৰত্যাশিত আখ্যা দি স্থগিতাদেশ জাৰি কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ অৰ্থ হৈছে অৰবিন্দ কেজৰিৱালক প্ৰদান কৰা জামিনৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা আবেদনৰ ওপৰত সিদ্ধান্ত নোলোৱালৈকে অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া নহ’ব। আদালতে কেজৰিৱালৰ জামিন সম্পৰ্কীয় এই আবেদনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰি পৰৱৰ্তি নিৰ্দেশনা জাৰি কৰিব অহা ২৫ জুনত।  

উল্লেখ্য যে, আজি কেজৰিৱাল জে'লৰ পৰা ওলোৱাৰ পূৰ্বেই ইডি দিল্লী উচ্চ ন্যায়ালয়ত উপস্থিত হৈ তেওঁৰ জামিনৰ বিৰোধিতা কৰি ইডিয়ে কয়, তেওঁলোকে এতিয়াও বিচাৰ আদালতৰ নিৰ্দেশৰ প্ৰতিলিপি লাভ কৰা নাই। ইয়াৰ পূৰ্বে কেজৰিৱালে বৃহস্পতিবাৰে জামিন লাভ কৰাৰ সময়তো ইডি য়ে ইয়াৰ বিৰোধিতা কৰিছিল। লগতে আদালতৰ পৰা ৪০ ঘণ্টাৰ সময় বিচাৰিছিল। কিন্তু আদালতে ইডিৰ যুক্তি নাকচ কৰি আজি তেওঁক জামিন প্ৰদান কৰে।

আজি সেয়ে ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ত অভিযোগ কৰি কয় যে, কেজৰিৱালৰ জামিন আবেদনৰ বিৰোধিতা কৰিবলৈ বিচাৰ আদালতে ইডিক সম্পূৰ্ণ সুযোগ নিদিলে। ইয়াৰোপৰি ইডিয়ে বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰখাৰ লগতে গোচৰৰ শুনানি অতি সোনকালে হ’ব লাগে বুলিও আবেদন জনায়।

ইডিৰ এই আবেদনক সন্মতি জনাই উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে বিচাৰ আদালতৰ নিৰ্দেশ কাৰ্যকৰী নহ’ব বুলি নিৰ্দেশ প্ৰদান কৰে।

Also Read: ১৫ আগষ্টৰ পূৰ্বে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণঃ কেইবাখনো নতুন মুখৰ অন্তৰ্ভুক্তিক সম্ভাৱনা...

ইডি অৰবিন্দ কেজৰিৱাল দিল্লী উচ্চ ন্যায়ালয়