/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cb196caa-eb0d-4e02-9a7d-ec601a8a5bad/assam_cabinet.jpg)
১৫ আগষ্টৰ পূৰ্বে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণঃ কেইবাখনো নতুন মুখৰ অন্তৰ্ভুক্তিক সম্ভাৱনা...
ডিজিটেল ডেস্কঃ কেতিয়া সম্প্ৰসাৰণ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা? আজি তেজপুৰত আন্তঃৰাষ্ট্ৰীয় যোগদিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, ১৫ আগষ্টৰ পূৰ্বেই সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাৰ। মন্ত্ৰীসভাত সংবিধান অনুসৰিয়েই ১৯ গৰাকী মন্ত্ৰীয়ে স্থান লাভ কৰিব। তাতকৈ বেছি সদস্য নাথাকে।
মন্ত্ৰীসভাৰ এই সম্প্ৰসাৰণত কেইবাজনো নতুন মুখ অন্তৰ্ভুক্তি হোৱা পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ বৰাক উপত্যকাৰ পৰা যে যিকোনো এজন বা দুজনে যে স্থান লাভ কৰিব সেয়া নিশ্চিত। কিয়নো বৰাক উপত্যকাৰ পৰা অসম মন্ত্ৰীসভাত স্থান লাভ কৰিছিল পৰিমল শুক্লবৈদ্যই।
কিন্তু তেওঁ এইবাৰ সংসদলৈ নিৰ্বাচিত হোৱাত অসম মন্ত্ৰীসভাত বৰাক উপত্যকাৰ প্ৰতিনিধি শূন্য হৈছে। আনহাতে উজনি অসমৰ পৰাও যে মন্ত্ৰীসভাত বিধায়কে স্থান লাভ কৰিব সেয়া নিশ্চিত।
ইতিমধ্যে জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগ সালসলনিয়ে সম্প্ৰসাৰিত মন্ত্ৰীসভাত যে বহু কেইজন মন্ত্ৰীৰ বিভাগ সালসলনি হ'ব সেয়াও নিশ্চিত হ'ব। বৰ্তমানৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীক মন্ত্ৰীসভাৰ পৰা বাদ দি ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে। যদি সেয়াই হয় তেন্তে বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব।
Also Read: 'দেশৰ জনতাৰ স্বাস্থ্যৰে হেতালি খেলি NDA চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে'- ভূপেন বৰা