আদানিৰ বিৰুদ্ধে সংসদত প্ৰশ্ন কৰি বিপদত মহুৱা মৈত্ৰঃ দিল্লী উচ্চ ন্যায়ালয়ত শুনানি...

আদানিৰ বিৰুদ্ধে সংসদত প্ৰশ্ন কৰি বিপদত মহুৱা মৈত্ৰঃ দিল্লী উচ্চ ন্যায়ালয়ত শুনানি...
আদানিৰ বিৰুদ্ধে সংসদত প্ৰশ্ন কৰি বিপদত মহুৱা মৈত্ৰঃ দিল্লী উচ্চ ন্যায়ালয়ত শুনানি...

ডিজিটেল ডেস্কঃ সংসদত আদানি গোটৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি বিপদত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ। যোৱা সময়ছোৱাত সাংসদগৰাকীয়ে লোকসভাত উপৰ্যপুৰি আদানি গোটৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছিল।

সংসদত উত্থাপন কৰা এনে প্ৰশ্নৰ বাবেই তেওঁৰ বিৰুদ্ধে বিজেপিৰ এগৰাকী সাংসদে আনিছে এক গুৰুতৰ অভিযোগ। বিজেপিৰ সাংসদ নিশিকান্ত ডুবেয়ে মহুৱা মৈত্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছে, তেওঁ ধনৰ বিনিময়ত এই প্ৰশ্ন উত্থাপন কৰিছে।

নিশিকান্ত ডুবেৰ এনে অভিযোগৰ পাছতে ন্যায়ালয়ৰ কাষ চাপিছে মহুৱা মৈত্ৰ। তেওঁ ন্যায়ালয়ত দাখিল কৰিছে এখন আৱেদন।

তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা সেই আৱেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰিব। এই আৱেদনত সাংসদগৰাকীয়ে বিজেপি দলৰ সাংসদ নিশিকান্ত ডুবে, এগৰাকী অধিবক্তা আৰু কেইবাটাও সামাজিক মাধ্যমৰ প্লেটফৰ্ম, সংবাদ সংস্থাৰ বিৰুদ্ধে বহু ভুৱা আৰু অপমানজনক বিষয় উত্থাপন কৰাৰ লগতে প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ বিচাৰি আৱেদন দাখিল কৰিছে।

১৭ অক্টোবৰত দাখিল কৰা এই আৱেদনৰ শুনানি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তই গ্ৰহণ কৰিব। পশ্চিমবংগৰ কৃষ্ণনগৰ লোকসভা আসনৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা মহুৱা মৈত্ৰই নিশিকান্ত ডুবে, অধিবক্তা জয় অনন্ত দেহাদ্ৰী, সামাজিক মাধ্যম এক্স, ছাৰ্চ ইঞ্জিন গুগল, ইউটিউব আৰু ১৫ টাকৈ মিডিয়া সংস্থাৰ বিৰুদ্ধে অপমানজনক আৰু দুৰ্ভাগ্যজনক মন্তব্যৰ প্ৰকাশ, প্ৰচাৰত স্থায়ীৰূপত বাধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

বিজেপি সাংসদ নিশিনাক্ত ডুবেয়ে মহুৱা মৈত্ৰৰ বিৰুদ্ধে সংসদত প্ৰশ্ন উত্থাপনৰ বাবে উপঢৌকন লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ লোকসভাৰ অধ্যক্ষ ঔম বিৰলাক অনুৰোধ জনাইছিল যে, মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰা হওক আৰু এক সমিতি গঠন কৰা হওক।

ডুবেয়ে অধিবক্তা জয় অনন্ত দেহাদ্ৰীৰ পৰা লাভ কৰা এখন পত্ৰৰ উদ্ধৃতি দি কৈছে, অধিবক্তাগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাক উৎকোচ দিয়াৰ প্ৰমাণ দিছে। এই বিষয়টো অস্বীকাৰ কৰিব নোৱাৰি। লোকসভাৰ অধ্যক্ষলৈ লিখা পত্ৰখনত ডুবেয়ে দাবী কৰিছে যে, শেহতীয়াকৈ মহুৱা মৈত্ৰয়ে কৰা ৬১ টা প্ৰশ্নৰ ভিতৰত ৫০ টা প্ৰশ্নতে কেৱল আদানী গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰা হৈছে।

উল্লেখ্য, কংগ্ৰেচৰ লগতে তৃণমূল কংগ্ৰেছৰ সাংসদসকলেও আদানি গোটৰ ওপৰত সংসদত অনিয়মৰ অভিযোগ উত্থাপন কৰি আহিছে। মহুৱা মৈত্ৰই উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ নস্যাত কৰিছে আৰু এই অভিযোগৰ জৰিয়তে তেওঁৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা কৰা হৈছে বুলি দাবী কৰিছে।

আদানিৰ বিৰুদ্ধে সংসদত প্ৰশ্ন কৰি বিপদত মহুৱা মৈত্ৰঃ দিল্লী উচ্চ ন্যায়ালয়ত শুনানি...
বিশিষ্ট সাংবাদিক, লেখক প্ৰফুল্ল কুমাৰ দত্তৰ পৰলোক প্ৰাপ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in