বিশিষ্ট সাংবাদিক, লেখক প্ৰফুল্ল কুমাৰ দত্তৰ পৰলোক প্ৰাপ্তি

বিশিষ্ট সাংবাদিক, লেখক প্ৰফুল্ল কুমাৰ দত্তৰ পৰলোক প্ৰাপ্তি

ডিজিটেল ডেস্কঃ সাংবাদিক, লেখক প্ৰফুল্ল কুমাৰ দত্তৰ দেহাৱসান। শুকুৰবাৰে পুৱা মৃত্যু হয় বিশিষ্ট সাহিত্যিকগৰাকীৰ। দিল্লীৰ জীৱন নামৰ চিকিৎসালয়খনৰ আই চি ইউত আছিল তেওঁ।

দত্ত অসমৰ এজন জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক। নীৰৱে সাংবাদিকতা আৰু সাহিত্য সাধনা কৰা মানুহজনৰ নাম প্ৰফুল্ল কুমাৰ দত্ত। কেৱল অসমৰ বাতৰি কাকত, আলোচনীত তেওঁৰ লেখা প্ৰকাশ হোৱা নাছিল। বিখ্যাত বাংলা আলোচনীতো তেওঁৰ কলম চলিছিল।

বাতৰি কাকত-আলোচনীৰ ৰহস্যধৰ্মী উপন্যাস লিখি এদিন অসমৰ পাঠকৰ বাবে তেওঁ এটা চিনাকি নাম হৈ পৰিছিল। কেৱল ৰহস্যধৰ্মী উপন্যাসে নহয়, তেওঁৰ সাংস্কৃতিক বিষয়ৰ প্ৰতিবেদনবোৰো আছিল ব্যতিক্ৰম। ৰহস্যধৰ্মী সাহিত্যত তেওঁৰ আছিল বেচ দখল।

দীপালি বৰঠাকুৰৰ ওপৰতো তেওঁ এখন জীৱনভিত্তিক গ্ৰন্থ লিখিছিল। প্ৰমথেশ বৰুৱাক লৈ লিখা গ্ৰন্থখনৰ আধাৰতে দূৰদৰ্শনে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। ৫৬খনৰো অধিক গ্ৰন্থৰ ৰচনা কৰিছিল তেওঁ।

বিশিষ্ট সাংবাদিক, লেখক প্ৰফুল্ল কুমাৰ দত্তৰ পৰলোক প্ৰাপ্তি
সন্তানসহ ৩০ ফুট তলত পৰিল গৰ্ভৱতী মহিলা, ওৰে নিশা মৃতদেহৰ ওচৰত বহি থাকিল ৪ বছৰীয়া শিশু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in