/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/59073493-b899-46dd-b71e-f8d647f8f3fa/AP_FOR_WEB_modi.jpg)
প্ৰধানমন্ত্ৰী মোডীক কলংকিত ৰূপত উপস্থাপন ! BBC লৈ চমন জাৰি...
ডিজিটেল ডেস্কঃ বি বি চিৰ বিৰুদ্ধে চমন জাৰি কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। প্ৰধানমন্ত্ৰী মোডী সম্পৰ্কে বিবিচিয়ে প্ৰচাৰ কৰা বিতৰ্কিত তথ্যচিত্ৰখনৰ বাবে সংবাদ সংস্থাটোৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল মানহানিৰ গোচৰ।
এই গোচৰ সন্দৰ্ভত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব ১৫ ছেপ্টেম্বৰত। আজি এই গোচৰটোৰ এক শুনানি গ্ৰহণ কৰি বি বি চিৰ ব্ৰিটেইন আৰু ভাৰতস্থিত দুয়োটা কাৰ্যালয়লৈ চমন জাৰি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়তে সংঘটিত হোৱা গোষ্ঠিগত সংঘৰ্ষক লৈ নিৰ্মাণ কৰা বি বি চিৰ তথ্য চিত্ৰখনে ভাৰতৰ উপৰিও ভাৰতৰ ন্যায়পালিকা আৰু প্ৰধানমন্ত্ৰী মোডীক কলংকিত ৰূপত উপস্থাপন কৰাৰ অভিযোগেৰে ন্যায়ালয়ৰ কাষ চাপিছিল গুজৰাটৰ জাষ্টিছ ফৰ ট্ৰায়েল নামৰ এটা স্বেচ্ছাসেৱী সংগঠন।
সংগঠনটোৰ হৈ ন্যায়ালয়ত যুক্তি দৰ্শোৱা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে কয়, "ইণ্ডিয়া: দ্যা মোডী কুৱেচন" নামৰ তথ্যচিত্ৰখনে ভাৰত আৰু ন্যায়পালিকাক বদনামী কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কলংকিত ৰূপত উত্থাপন কৰিছে।
উল্লেখ্য যে, বিবিচিৰ এই তথ্যচিত্ৰখনৰ পাছতে বিবিচিৰ দিল্লীস্থিত কাৰ্যালয়ত দেশৰ প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিয়ে অভিযান চলাইছিল। এই অভিযানৰ পাছতে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত আৰু বিদেশী পুঁজি সম্পৰ্কীয় অনিয়মৰ অভিযোগত বিবিচি ভাৰতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।
ইয়াৰোপৰি আয়কৰ বিভাগেও দিল্লীস্থিত বিবিচিৰ কাৰ্যালয়ত অভিযান চলাইছিল। মন কৰিবলগীয়া যে, বিবিচিয়ে নিৰ্মাণ কৰা মোডী সম্পৰ্কীয় এই বিতৰ্কিত তথ্যচিত্ৰখন ইতিমধ্যে ভাৰতত নিষিদ্ধ কৰা হৈছে।
তাৰ পাছতো অৱশ্যে বিভিন্ন শিক্ষানুষ্ঠানত চৰকাৰৰ এই নিৰ্দেশনা অমান্য কৰি তথ্যচিত্ৰখন চাইছে শিক্ষাৰ্থীকে ধৰি বিভিন্ন জনে। বিবিচিয়ে প্ৰধানমন্ত্ৰী মোডী সম্পৰ্কে নিৰ্মাণ কৰা এই তথ্য চিত্ৰ ভাৰতত নিষিদ্ধ কৰাৰ লগতে বিবিচিৰ কাৰ্যালয়ত আয়কৰ আৰু ইডিৰ অভিযানক সহজ ভাৱে লোৱা নাই দেশৰ বিৰোধী ৰাজনৈতিক দল আৰু সমালোচকসকলে।
তেওঁলোকৰ মতে বিবিচিৰ কাৰ্যালয়ত এইদৰে অভিযান চলাই সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে মোডী বাহিনীয়ে। ভাৰতীয় সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰাৰ দৰেই বিবিচিকো নিয়ন্ত্ৰণৰ অপচেষ্টা চলাইছে কেন্দ্ৰীয় বিজেপি চৰকাৰে।